কৰিমগঞ্জ, সংবাদ ৩৬৫, ১০ আগষ্টঃ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি দীৰ্ঘদিনৰ পৰা চলি আহিছে অবৈধ গৰুৰ বজাৰ । কৰিমগঞ্জ জিলাৰ বিভিন্ন স্থানত থকা অবৈধ বজাৰ সমূহৰ পৰা গৰু বাংলাদেশলৈ সৰবৰাহ চলি আছে ৷

শুকুৰবাবে সীমান্তৰ ৮ কিলোমিটাৰ নিলগৰ অবৈধ গৰুৰ বজাৰৰ পৰা গৰু লৈ কৰিমগঞ্জ চহৰ পাৰ হোৱাৰ সময়ত গৰু কঢ়িয়াই অনা তিনিখন বাহন আবদ্ধ কৰে স্থানীয় ৰাইজে আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক অমান্য কৰি কিদৰে ভাৰত বাংলাদেশ সীমান্তৰ ২০ কিঃমিঃ ভিতৰত থকা বজাৰৰ পৰা গৰু লৈ কঢ়িয়াই আনিব পাৰিলে, ইয়াকে লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে । যাৰ ফলত কৰিমগঞ্জ চহৰৰ এ অ চি পইন্টত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷

পাছত ঘটনাস্থলীত কৰিমগঞ্জ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উপস্থিত হৈ গৰুৰ গাড়ী কেইখন এৰি দিব বিচৰাত পৰিস্থিতি আৰু অধিক উত্তপ্ত হৈ পৰে ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বৰ্তমানেও কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে ।

উল্লেখযোগ্য যে কাটা তাঁৰৰ বেৰ কাটি কেনেদৰে গৰু সৰবৰাহ বাংলাদেশলৈ চলে এই সন্দৰ্ভত ইটিভি ভাৰতত এক বাতৰি সম্প্ৰচাৰ হৈছিল যদিও কোনোধৰণৰ কানসাৰ দিয়া নাই প্ৰশাসনে ।