নগাঁও, ২০ মে’ : নগাঁৱৰ আৰু এজন আৰক্ষী বিষয়া ৰিজাৰ্ভ ক্ল’জ। নগাঁৱৰ হয়বৰগাঁৱৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আভাজ্যোতি ৰাভাক ৰিজাৰ্ভ ক্ল’জ। চি আই ডিয়ে জেৰা চলাইছিল আভাজ্যোতি ৰাভাক। আৰক্ষী বিষয়া জোনমণি ৰাভাৰ (Joonmani Rabha Death) ৰহস্যজনক মৃত্যুৰ লগত নাম সাঙোৰ খাইছিল আভাজ্যোতি ৰাভাৰ। অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ তলব কৰা হৈছে আভাজ্যোতি ৰাভাক।

যিমানে তদন্ত আগবাঢ়িছে, সিমানেই ন ন তথ্য পোহৰলৈ আহিছে। আই ডিয়ে ইজনৰ পিছত সিজন আৰক্ষীক জেৰা চলাই সংগ্ৰহ কৰিছে বহু তথ্য। পূৰ্বে চাৰিজনকৈ আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্ল’জ কৰা হৈছিল। ৰিজাৰ্ভ ক্ল’জ কৰা এই চাৰিজন আৰক্ষী বিষয়াৰ দুজন নগাঁৱৰ আৰু দুজন লখিমপুৰৰ। পুনৰ নগাঁৱৰ এজন আৰক্ষী বিষয়াক কৰা হৈছে ৰিজাৰ্ভ ক্ল’জ। হয়বৰগাঁৱৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আভাজ্যোতি ৰাভাক ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে।

আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনা অধিক ৰহস্যৰ মাজত সোমাই পৰিছে। প্ৰথম অৱস্থাত জোনমণি ৰাভাৰ মৃত্যু পথ দুর্ঘটনা হোৱা বুলি সকলোৱে মানি লৈছিল যদিও জোনমণি ৰাভাৰ পৰিয়ালৰ লোকে জোনমণি ৰাভাৰ মৃত্যুক সহজে মানি লোৱা নাছিল। জোনমণি ৰাভাৰ মাতৃৰ লগতে পৰিয়ালৰ লোকে জোনমণি ৰাভাৰ মৃত্যুৰ আঁৰত কিবা এটা ৰহস্য সুমাই আছে বুলি সন্দেহ প্ৰকাশ কৰি জোনমণি ৰাভাক হত্যা কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰিছিল। জোনমণি ৰাভাৰ পৰিয়ালৰ অভিযোগৰ মাজতে জোনমণি ৰাভাৰ মৃত্যুকলৈ বিস্ফোৰণ ঘটায় হাছিনা বেগম নামৰ লখিমপুৰৰ নাওবৈচাৰ মহিলাগৰাকীয়ে।

জোনমণি ৰাভাৰ মৃত্যুৰ লগত নকল সোণ-জাল নোট চক্ৰ জড়িত থকা আৰু এই চক্ৰক লখিমপুৰ কেইজনমান শীৰ্ষ আৰক্ষী বিষয়াই সহযোগ কৰাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰি জোনমণি ৰাভাৰ মৃত্যুক ৰহস্যৰ মাজলৈ ঠেলি দিয়ে হাছিনা বেগমে। ইয়াৰ পিছতে জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত ইটোৰ পিছত সিটো ঘটনা পোহৰত আহিবলৈ ধৰে। জোনমণি ৰাভাৰ ৰহস্যময় মৃত্যুৰ আঁৰৰ ঘটনা তদন্তৰ দায়িত্ব চি আই ডিক প্ৰদান কৰাৰ পিছতে চি আই ডিৰ দল নগাঁও আৰু লখিমপুৰত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। চি আই ডিৰ দলে জোনমণি ৰাভাৰ মৃত্যুৰ কাৰণ বিচাৰি সন্দেহৰ আওতালৈ অহা আৰক্ষী বিষয়া সকলো জেৰা চলাবলৈ আৰম্ভ কৰে।

চি আই ডিয়ে লখিমপুৰ আৰু নগাঁৱত তদন্ত চলাই বহু বিস্ফোৰক তথ্য সংগ্ৰহ কৰিছে। চি আই ডিৰ তদন্তৰ মাজতে নগাওঁ আৰু লখিমপুৰৰ চাৰিজন আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্ল’জ কৰা হৈছিল। নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতা আৰু নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ ৰাজবংশীক ৰিজাৰ্ভ ক্ল’জ কৰা হৈছিল। এই দুই আৰক্ষী বিষয়াৰ লগতে ৰিজাৰ্ভ ক্ল’জ কৰা হৈছিল উত্তৰ লখিমপুৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ কলিতা আৰু নাওবৈচাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ বৰাক।

এই চাৰিজন আৰক্ষী বিষয়াৰ পিছত এইবাৰ ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে হয়বৰগাঁৱৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আভাজ্যোতি ৰাভাক। জোনমণি ৰাভাৰ মাতৃয়ে অভিযোগ কৰিছিল যে জোনমণি ৰাভাৰ মৃত্যু আভাজ্যোতি ৰাভাৰ লগত আছিল জোনমণি ৰাভা। ইফালে জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ দায়িত্ব চি বি আইৰ হাতত অৰ্পণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে। নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দ’লে আৰু লখিমপুৰৰ আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱাক বদলি কৰাৰ কথা জানিবলৈ দিয়ে আৰক্ষী সঞ্চালক প্ৰধানে।