গুৱাহাটী, ২০ মে’ : নকল সোণ আৰু জাল নোট চক্ৰৰ বিৰুদ্ধে অধিক তৎপৰ হৈছে অসম আৰক্ষী। নকল সোণ আৰু জাল নোট চক্ৰৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ অভিযান (Assam Police Drive Against Fake Gold and Currency)। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিযান চলাই আৰক্ষীয়ে নকল সোণ আৰু জাল নোট চক্ৰৰ লগত জড়িত ৭১ জনকৈ লোকক আটক কৰিছে। উদ্ধাৰ হৈছে নগদ ধন আৰু নকল সোণ।

আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুৰ পিছতে পোহৰলৈ আহিছে ৰাজ্যত নকল সোণ আৰু জাল নোট চক্ৰৰ ভয়াবহ তথ্য। নকল সোণ আৰু জাল নোটৰ এই জগতখনৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে আৰক্ষীৰ বিৰুদ্ধেও। এই চক্ৰটোৰ লগত নাম সাঙোৰ খাইছে লখিমপুৰৰ শীৰ্ষ আৰক্ষী বিষয়াৰ।জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত চলি থকাৰ মাজতে আৰক্ষীয়ে নকল সোণ আৰু জাল নোট চক্ৰৰ বিৰুদ্ধে আৰম্ভ কৰিছে অভিযান।

শনিবাৰে (২০ মে’) অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে এক সংবাদমেল অনুষ্ঠিত কৰি আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত অসম আৰক্ষীয়ে চি বি আইৰ হাতত অৰ্পণ কৰাৰ সিদ্ধান্ত লোৱা বুলি জানিবলৈ দিয়ে। ইয়াৰ লগতে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে ৰাজ্যজুৰি আৰক্ষীয়ে নকল সোণ আৰু জাল নোট চক্ৰৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰা বুলি প্ৰকাশ কৰি কয় “শুকুৰবাৰে নিশা ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে অভিযান চলাই ৭১ জনকৈ লোকক নকল সোণ আৰু জাল নোট চক্ৰৰ লগত জড়িত থকাৰ সন্দেহত আটক কৰিছে।”

বিশ্বনাথ আৰক্ষীৰ এটা দলে এজন লোকৰ অভিযোগত লখিমপুৰৰ বঙালমাৰাত অভিযান চলাই নকল সোণ আৰু জাল নোট চক্ৰৰ লগত জড়িত থাকৰ অভিযোগত ৮ জনকৈ লোকক আটক কৰে। অভিযানকাৰী বিশ্বনাথ আৰক্ষীৰ দলটোৱে লোক কেইজনৰ পৰা নগদ ৬ লাখ ৬০ হাজাৰ টকা আৰু নকল সোণ জব্দ কৰে বুলিও সংবাদমেলত আৰক্ষী সঞ্চালক প্ৰধানে জানিবলৈ দিয়ে।

অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে লগতে অসমবাসী ৰাইজক আশ্বাস প্ৰদান কৰে যে আৰক্ষীয়ে ৩০ দিনৰ ভিতৰত অসমৰ পৰা নকল সোণ আৰু জাল নোট চক্ৰ সম্পূৰ্ণৰূপে উৎসাত কৰিব। আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে অপৰাধজনীত ঘটনাৰ লগত যদি কোনো আৰক্ষীৰ লোক জড়িত থকাৰ প্ৰমাণ লাভ কৰে তেন্তে তেওঁৰ বিৰুদ্ধেও কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলিও কয়। উল্লেখ্য যে কলিয়াবৰত এক ৰহস্যজনক পথ দুর্ঘটনাত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুৰ লগত নকল সোণ আৰু জাল নোট চক্ৰ জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে।