অভয়াপুৰী, ১১ মাৰ্চ, ২০২৪ : এক বিধ্বংসী অগ্নিকাণ্ড। ভস্মীভূত হল ২০ লক্ষাধিক টকাৰ সম্পত্তি। বিদ্যুৎ বিজুতিৰ ফলত জুইৰ সূত্ৰপাত। ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণত (Cylinder Blast) ভয়াবহ ৰূপ ধাৰণ কৰে জুইৰ লেলিহান শিখাই। জুইত জাহ গ’ল তিনিটাকৈ বাসগৃহ। অগ্নিকাণ্ডৰ ফলত পাঁচজনকৈ লোক অহাত। অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰচেষ্টাত জুই নিৰ্বাপন।

দেওবাৰে নিশাৰ ভাগত সংঘটিত হোৱা এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনাত তিনিটাকৈ পৰিয়াল গৃহহীন হৈ পৰে। বিদ্যুৎ বিজুতিৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ পিছতে ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ ঘটাত জুইৰ লেলিহান শিখা তিনিটাকৈ বাসগৃহলৈ বিয়পি পৰাত জুইত জাহ যায় বাসগৃহ তিনিটা। বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ লেংটিছিঙা আৰক্ষী চকীৰ অন্তৰ্গত ভাদাইপাৰাত সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা।

ভাদাইপাৰাৰ আব্দুল কৰিম, চুবুৰ আলী আৰু আব্দুল ৰহিম নামৰ তিনিজন লোকৰ বাসগৃহ জুইত জাহ যায়। অগ্নিকাণ্ডত পৰিয়াল তিনিটাৰ ২০ লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত হয় বুলি জানিব পৰা গৈছে। এই বিধ্বংসী অগ্নিকাণ্ডত পাঁচজনকৈ লোক আহত হোৱাৰ লগতে কথমপি ৰক্ষা পৰে এখন শিক্ষানুষ্ঠান। অগ্নিকাণ্ডৰ পিছতে অঞ্চলজুৰি এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়।

স্থানীয় লোকে জুই নিৰ্বাপনৰ চেষ্টা চলাই বিফল হয় যদিও অগ্নিকাণ্ডৰ খবৰ পাই অগ্নি নিৰ্বাপক বাহিনীৰ দল ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ দীৰ্ঘসময় ধৰি প্ৰচেষ্টা চলাই জুই নিৰ্বাপন কৰে। অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰচেষ্টাত কেইবাটাও বাসগৃহৰ লগতে এখন শিক্ষানুষ্ঠান ৰক্ষা পৰে। আনহাতে, নিশা তামূলপুৰৰ ধূলাবড়ীত সংঘটিত হয় আন এটা বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। ধূলাবড়ী গাঁৱত সংঘটিত হোৱা এই বিধ্বংসী অগ্নিকাণ্ডত এটা বাসগৃহ জুইত জাহ যায়।

ধূলাবড়ী গাঁৱৰ ছফিকুল ইছলাম নামৰ এজন লোকৰ বাসগৃত সংঘটিত হয় অগ্নিকাণ্ড। বৰ্তমানলৈ অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও বিদ্যুৎ বিজুতিৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। অগ্নিকাণ্ডৰ ফলত বহু মূল্যবান নথি পত্ৰৰৰ লগতে প্ৰায় তিনি লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত হয়।গাঁৱৰ ৰাইজৰ ততপৰতাত জুই নিৰ্বাপন হয়।