গুৱাহাটী, ১০ মাৰ্চ, ২০২৪ : চলিত আৰ ই চি পূৱ মণ্ডল মুকলি প্ৰতিভা সন্ধানী বক্সিং প্ৰতিযোগিতাত ছাৱ-জুনিয়ৰ শাখাত অসমে শ্ৰেষ্ঠত্ব অৰ্জন কৰাৰ পাছত শনিবাৰে নিশা সামৰণি পৰা জুনিয়ৰ শাখাত ৰাজ্যৰ ল’ৰা-ছোৱালীয়ে অনবদ্য সফলতা লাভ কৰি মুঠ ২৭ টা পদক জয় কৰিবলৈ সক্ষম হৈছে৷ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ আৰু ভাৰতীয় বক্সিং ফেডাৰেছনৰ (Boxing Federation Of India) সহযোগত অসম বক্সিং সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনত ল’ৰাৰ জুনিয়ৰ শাখাত অসমে তিনিটা সোণ, চাৰিটা ৰূপ আৰু নটা ব্ৰঞ্জসহ মুঠ ১৬ টা পদক লাভ কৰে৷

উল্লেখ্য যে জুনিয়ৰ শাখাৰ ল’ৰাৰ ফাইনেলত অসমৰ সাতগৰাকী বক্সাৰে স্বৰ্ণ জয়ৰ যুঁজত অৱতীৰ্ণ হৈছিল৷ ইয়াৰে ৪৪-৪৬ কিলোগ্ৰাম শাখাত হিমাংশু বৰাক পৰাস্ত কৰি জগন্নাথ বৰ্মনে তথা ৭০-৭৫ কিলোগ্ৰাম শাখাত সন্দিপ বসুমতাৰীয়ে মহম্মদ আলীমুদ্দিন আহমেদক হৰুৱাই সোণ লাভ কৰাৰ লগতে মহম্মদ আফৰুজ’ৰ ৰহমানে ৫০-৫২ কিলোগ্ৰাম শাখাৰ ফাইনেলত উত্তৰ প্ৰদেশৰ প্ৰথ্বি ঠাকুৰক পৰাস্ত কৰি স্বৰ্ণ জয় কৰে৷ বিপৰীতে, অসমৰ শুভিৰাজ ৰগুই ৫৭-৬০ কিলোগ্ৰাম শাখাত আৰু কৰণ সিনহাই ৬০-৬৩ কিলোগ্ৰাম শাখাৰ ফাইনেলত পৰাস্ত হৈ ৰূপৰ পদক লাভ কৰে৷

ইফালে, গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ দেশভক্ত তৰুণ ৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত ছোৱালীৰ জুনিয়ৰ শাখাত অসমে দুটা সোণ, তিনিটা ৰূপ আৰু ছটা ব্ৰঞ্জসহ মুঠ ১১ টা পদক লাভ কৰে৷ ৭০-৭০ কিলোগ্ৰাম শাখাৰ ফাইনেলত ৰাজ্যৰে জয়শ্ৰী ডেকাক হৰুৱাই¸ প্ৰীতিশা প্ৰিয়ম চুতীয়াই সোণ লাভ কৰাৰ লগতে ৫২-৫৪ কিলোগ্ৰাম শাখাৰ ফাইনেলত অসম কন্যা সুনেনা আখতাৰে মনিপুৰৰ আলিয়া চানুক হৰুৱাই স্বৰ্ণ জয় কৰে৷ ইফালে, ৫৪-৫৭ কিলোগ্ৰাম শাখাত ৰনছাং দলে আৰু ৫৭-৬০ কিলোগ্ৰাম শাখাত খেলা ধাণ্টি শইকীয়া ফাইনেলত পৰাস্ত হয়৷