লাহৰিঘাট : ৰাজ্যজুৰি মাঘ বিহুৰ উখল মাখল পৰিৱেশ। মাঘ বিহুৰ এই উখল মাখল পৰিৱেশৰ মাজতে ৰাজ্যত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত প্ৰায় ১ কোটি টকা মূল্যৰ সম্পত্তি জুইত জাহ যায়।

মৰিগাঁও জিলাৰ লাহৰিঘাটত সংঘটিত হয় এই ভংকৰ অগ্নিকাণ্ডৰ ঘটনা। লাহৰিঘাটৰ কাঠনি গৰম বজাৰত পুৱতি নিশাই সংঘটিত হয় এই ভংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত কাঠনি গৰম বজাৰৰ ১১ টাকৈ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

অগ্নিকাণ্ডত ভস্মীভূত হোৱা ১১ টাকৈ দোকানৰ প্ৰায় ১ কোটি টকা মূল্যৰ সম্পত্তি জুইত জাহ যায়। অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও বিদ্যুৎ বিজুতিৰ ফলত জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। ইফালে অগ্নি নিৰ্বাপক বাহিনী সময় মতে ঘটনাস্থলীতত উপস্থিত নোহোৱাত ৰাইজ উত্তেজিত হৈ পৰে।

অগ্নি নিৰ্বাপক বাহিনী সময় মতে উপস্থিত নোৱাৰ বাবেই ১১ খনকৈ দোকান জুইত সম্পূৰ্ণ ৰূপে ভস্মীভূত হয় বুলি ৰাইজে অভিযোগ উত্থাপন কৰে। অৱশেষত স্হানীয় ৰাইজ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপন কৰা হয়।