আজিজ আলী

মুকালমুৱা : এক ভয়ংকৰ পথ দুর্ঘটনা। এম্বুলেন্স গাড়ীয়ে মহতিয়াই নিলে দুই ছাত্ৰ-ছাত্ৰীক। টিউচনত পৰা ঘৰলৈ ঘূৰি যাওঁতে তীব্ৰবেগী এম্বুলেন্স গাড়ী এখনে মহতিয়াই নিয়ে দুয়ো ছাত্ৰ-ছাত্ৰীক। দুৰ্ঘটনাত আহত ছাত্ৰজনৰ ইতিমধ্যে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

নলবাৰী জিলাৰ অন্তৰ্গত মুকালমুৱা হিদিলাট্টাৰীত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।দ্ৰুতবেগী এম্বুলেন্স গাড়ী এখনে মহতিয়াই নিয়ে দুই ছাত্ৰ-ছাত্ৰীক।কাপলাবৰী বধিড্ৰুম বিদ্যালয়ৰ পৰা টিউচন কৰি ঘৰলৈ উভতি থকা সময়ত ছাত্ৰ-ছাত্ৰী দুজনক মহতিয়াই নিয়ে এম্বুলেন্স গাড়ীখনে।

তীব্ৰবেগী এম্বুলেন্স গাড়ীখনে মহতিয়াই নিয়া ছাত্ৰ-ছাত্ৰী দুজন হৈছে ক্ৰমে ১৩ বছৰীয়া চিন্ময় বৰ্মন আৰু ১০ বছৰীয়া চুইতি চৌধুৰী। এম্বুলেন্স গাড়ীখনে ছাত্ৰ-ছাত্ৰী দুজনক মহতিয়াই ৰাস্তাৰ দাঁতিত পেলাই পলায়ন কৰে।

স্থানীয় ৰাইজে ছাত্ৰ-ছাত্ৰী দুজনক পথৰ দাঁতিৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। উন্নত চিকিৎসাৰ বাবে দুয়োকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্ৰেৰণ কৰা হয় যদিও চিম্ময় বৰ্মনক চিকিৎসকে মৃত বুলি ঘোষণা কৰে বুলি জানিব পৰা গৈছে। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে।