গুৱাহাটী : বাঘবৰ সমষ্টিৰ কংগ্ৰেছ দলৰ বিধায়ক শ্বেৰমান আলী আহমেদক কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ কৰাৰ দাবী। সদৌ অসম একত্ৰিত যুৱ পৰিষদ নামৰ সংগঠনটোৱে কংগ্ৰেছ দলে অতি শীঘ্ৰে শ্বেৰমান আলী আহমেদক দলৰ পৰা বহিষ্কাৰ নকৰিলে ৰাজীৱ ভাৱন ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ। সংগঠনটোৱে হাতীগাঁও থানাৰ শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।

দৰং জিলাৰ ছিপাঝাৰৰ অন্তৰ্গত গৰুখুটী যোৱা ২৩ ছেপ্টেম্বৰত প্ৰশাসনে উচ্ছেদ চলাবলৈ যাওঁতে সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ প্ৰতিক্ৰিয়াৰ এতিয়াও অব্যাহত আছে। একাংশই এই উচ্ছেদ অভিযানক যদি গৰিহণা দিছে, একাংশই আকৌ উচ্ছেদ অভিযানক সমৰ্থন জনাইছে। ৰাজনৈতিক দল সমূহৰ মাজতো গৰুখুটীৰ উচ্ছেদ অভিযানকলৈ একে প্ৰতিক্ৰিয়া।

শাসকীয় বিজেপি দলৰ লগতে মিত্ৰজোঁটৰ দল সমূহে চৰকাৰী ভূমিত অবৈধ দখলকাৰীক উচ্ছেদ কৰাৰ পক্ষত আছে। ইফালে বিৰোধী দল সমূহে চৰকাৰী ভূমিত উচ্ছেদ চলোৱাৰ সমৰ্থন কৰিছে যদিও উচ্ছেদৰ ধৰণৰক বিৰোধিতা কৰি গৰিহণা দিছে। বিৰোধী দল সমূহে এই উচ্ছেদ।অভিযানক সাম্প্ৰদায়িক আখ্যা দি চৰকাৰে বিভাজনৰ ৰাজনীতি কৰা বুলি প্ৰকাশ কৰিছে।

গৰুখুটীৰ উচ্ছেদ অভিযানকলৈ শাসকীয় আৰু বিৰোধীৰ এই যুঁজখনত অধিক উত্তপ্ত কৰি তোলে বাঘবৰৰ কংগ্ৰেছ দলৰ বিধায়ক শ্বেৰমান আলী আহমেদে। গৰুখুটীৰ ৮৩ৰ শ্বহীদসকলক শ্বেৰমান আলী আহমেদে আক্ৰমণকাৰী আৰু ঘাটত আখ্যা দিয়াৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। সকলোৱে শ্বেৰমান আলী আহমেদৰ এই বিতৰ্কিত মন্তব্যৰ বিৰোধিতা কৰিছে।

শ্বেৰমান আলী আহমেদৰ বিতৰ্কিত মন্তব্যৰ পিছতে শাসকীয় বিজেপি দলৰ লগতে অন্যান্য বিৰোধী ৰাজনৈতিক দল সমূহৰ নেতা সকল শ্বেৰমান আলী আহমেদক তীব্ৰ সমালোচনা কৰিছে। আনকি কংগ্ৰেছ দলো শ্বেৰমান আলী আহমেদৰ এই মন্তব্যকলৈ সমস্যাত পৰিছে। বৃহস্পতিবাৰে কংগ্ৰেছ দলৰ ফালৰ পৰা শ্বেৰমান আলী আহমেদক তেওঁৰ মন্তব্যকলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে।

ইফালে কংগ্ৰেছ দলক অধিক সমস্যাত পেলাইছে সদৌ অসম একত্ৰিত যুৱ পৰিষদ নামৰ সংগঠনটোৱে। সদৌ অসম একত্ৰিত যুৱ পৰিষদ নামৰ সংগঠনটোৱে কংগ্ৰেছ দলক বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদক দলৰ পৰা বহিষ্কাৰ কৰাৰ দাবী জনাইছে। কংগ্ৰেছ দলে শ্বেৰমান আলী আহমেদক দলৰ পৰা বহিষ্কাৰ নকৰিলে ৰাজীৱ ভৱন ঘেৰাও কৰাৰো হুংকাৰ দিছে সংগঠনটোৱে। শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে হাতীগাঁও থানাত এজাহাৰ দাখিল কৰিছে সংগঠনটোৱে।