দক্ষিণ শালমাৰা : মেঘালয়ৰ পাহাৰত গণপ্ৰহাৰত অসমৰ গৰু চোৰৰ মৃত্যু। চুবুৰীয়া ৰাজ্য মেঘালয়ৰ দক্ষিণ পশ্চিম গাৰো পাহাৰ জিলাৰ বেটাশিং আৰক্ষী চকীৰ অন্তৰ্গত আদুগ্ৰী গাঁৱত শুকুৰবাৰে পুৱতি নিশা এজন অসমৰ গৰু চোৰক স্থানীয় ৰাইজে তিনিটা গৰুসহ আটক কৰি গণপ্ৰহাৰ কৰাত চোৰজন মৃত্যু মুখত পৰে।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত চেংগুৰচৰ গাঁৱৰ কবেজ উদ্দীন নামৰ এজন লোকৰ পুত্ৰ মানিক লাল পুৱতি নিশা চুবুৰীয়া ৰাজ্য মেঘালয়ত গৰু চুৰি কৰিবলৈ গৈ ৰাইজৰ হাতত ধৰা পৰে। লগে লগে স্থানীয় ৰাইজে বেটাশিং আৰক্ষীক খবৰ দিয়ে যদিও আৰক্ষী অহাৰ পূৰ্বে ৰাইজে উত্তেজিত হৈ চোৰজনক হাত-ভৰি বান্ধি গণপ্ৰহাৰ কৰাত চোৰজন গুৰুত্বৰভাৱে আহত হয়।

বেটাশিং আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ চোৰজনক উদ্ধাৰ কৰি হাস্পাতালত ভৰ্তি কৰে যদিও চিকিৎসকে চোৰজনৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰে। এই ঘটনাৰ পিছতেই মেঘালয় আৰক্ষী অসম আৰক্ষীৰ সৈতে যোগাযোগ কৰি মৃতদেহটি মৰণোত্তৰ পৰীক্ষাৰ বাবে পশ্চিম গাৰো পাহাৰ জিলাৰ তুৰা অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে।
মৰণোত্তৰ পৰীক্ষাৰ পিছত মৃতদেহটি মানকাচৰ আৰক্ষীৰ জৰিয়তে পৰিয়ালক গতাই দিয়া হ’ব বুলি জানিব পৰা গৈছে।