গুৱাহাটী : দেশত জনপ্রিয় এক্সিভিছন বুটিক্‌ছ অৱ ইণ্ডিয়া চমুকৈ বিঅ’আয়ে গুৱাহাটীত আৰম্ভ কৰিছে ৩১ সংখ্যক বুটিক্‌ছ অৱ ইণ্ডিয়া এক্সিভিছন। মহানগৰীৰ জু-ৰোডৰ এম্বিয়েনছ হলত মঙলবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে এই মেলা। এক্সিভিছনখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অভিনেত্রী প্রিয়ম পল্লৱীয়ে।

অসম তথা উত্তৰ-পূবৰ লোকসকলৰ বাবে আৰম্ভ কৰা এই মেলাত নতুনত্বৰ সংযোজন ঘটোৱা বস্তুসম্ভাৰকে আদি কৰি বিভিন্নধৰণৰ সামগ্ৰী উপলব্ধ হৈছে। বিশেষকৈ ফেশ্বন, হ’মডেকৰ, হেণ্ডল’ম, জুৱেলাৰী, এছ’চেৰিছ, শিশুৰ বস্ত্ৰসম্ভাৰকে আদি কৰি পুৰুষৰ বিভিন্ন ধৰণৰ সামগ্ৰী উপলব্ধ হৈছে। মঙলবাৰৰ পৰা আৰম্ভ হোৱা এই মেলা দিনৰ ১১ বজাৰ পৰা নিশা ৮ বজালৈ গ্ৰাহকৰ বাবে মুকলি থাকিব।

এই মেলাত সকলোৰে প্ৰৱেশ বিনামূলীয়া। মেলাত বিভিন্ন প্ৰান্তৰ ৮০ টাকৈ ব্যৱসায়িক প্রতিষ্ঠানে অংশগ্ৰহণ কৰিছে। উৎসৱ পাৰ্বণৰ বাবে নতুনত্বৰ সংযোজন ঘটোৱা সাজ-পোছাক, গহনা, গৃহসজ্জাকে আদি কৰি শিশু, পুৰুষ, মহিলাৰ সকলোধৰণৰ সাজ-পোছাক উপলব্ধ হৈছে। একেদৰে বিভিন্ন প্ৰান্তৰ আগশাৰীৰ ডিজাইনাৰৰ গহনা আদি কৰি বিভিন্ন ব্ৰেণ্ডৰ জুৱেলাৰী উপলব্ধ হৈছে।

বিঅ’আয়ে সমাজৰ পিছপৰা লোকসকলৰ বাবে বিভিন্ন সময়ত সেৱা আগবঢ়াই আহিছে। উল্লেখ্য, বুটিক্‌ছ অৱ ইণ্ডিয়া এক্সিভিছনৰ চিইঅ’ সঞ্জয় আগৰৱালাই কয় যে সমাজৰ উন্নয়নৰ বাবে।বিভিন্নধৰণৰ পদক্ষেপ প্ৰদান কৰা হৈছে। সমাজৰ বিভিন্ন ক্ষেত্ৰখনৰ ব্যৱসায়ী কিম্বা শিপিনীসকলক এখন প্লেটফৰ্ম দিয়াৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে। উক্ত এক্সিভিছনত সহযোগিতা আগবঢ়াইছে লেডিছ চাৰ্কোল ইণ্ডিয়া ৰপ্তজ্জ্ব গুৱাহাটী শাখাই।

এই স্বেচ্ছাসেৱী সংস্থাটোৱে মহিলাৰ সবলীকৰণৰ ক্ষেত্ৰত বিভিন্নধৰণৰ কাৰ্যসূচী হাতত লৈ আহিছে বুলি আগৰৱালাই উল্লেখ কৰে। শিক্ষানুষ্ঠানত বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা, শ্ৰেণীকোঠা নিৰ্মাণ আৰু বিভিন্নধৰণৰ শৈক্ষিক সামগ্রী বিতৰণ কৰি আহিছে ছাত্ৰ-ছাত্ৰীৰ মাজত। সম্পূর্ণ ক’ভিড প্ৰট’কল মানি এই এক্সিভিছনৰ আয়োজন কৰা হৈছে।