গুৱাহাটী : পুনৰ অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই লাভ কৰিলে এক বৃহৎ সাফল্য। এইবাৰ বিস্কুটৰ কার্টুনৰ ভিতৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিলে নিষিদ্ধ ড্ৰাগছ। বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এজন ড্ৰাগছ সৰবৰাহকাৰীক।

অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে। ৰাজ্যজুৰি চলা অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত প্ৰতিদিনে জব্দ হৈ আছে বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ। ড্ৰাগছ বিৰোধী অভিযান চলাই ইতিমধ্যে কেইবাটাও বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হোৱা আৰক্ষীয়ে পুনৰ লাভ কৰিলে এক বৃহৎ সাফল্য।

মহানগৰ আৰক্ষীয়ে মঙলবাৰে নিশা এক ড্ৰাগছ বিৰোধী অভিযান চলাই লাভ কৰিছে এক বৃহৎ সাফল্য। নিশা মহানগৰীৰ গড়চুকত আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই এখন ট্ৰাকৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ কফ চিৰাপ। বিস্কুটৰ কার্টুনৰ ভিতৰৰ পৰা আৰক্ষীয়ে জব্দ কৰে এই বৃহৎ পৰিমাণৰ কফ চিৰাপ।

এএছ-০১-এন-১৮৪৫ নম্বৰৰ ট্ৰাকখনত বিস্কুটৰ কার্টুনৰ ভিতৰত ভৰাই এই কফ চিৰাপখিনি আগৰতলালৈ নিয়াৰ পথত আৰক্ষীয়ে অভিযান চলাই কফ চিৰাপখিনি জব্দ কৰে। ট্ৰাকখনৰ পৰা ৬৯ টা কফ চিৰাপ ভৰ্তি কার্টুন আৰক্ষীয়ে জব্দ কৰে। আৰক্ষীয়ে চাহাদুল ইছলাম নামৰ ট্ৰাক চালক জনক গ্ৰেপ্তাৰ কৰিছে।