আজিজ আলী

মুকালমুৱা : আদৰ্শ বিদ্যালয়ৰ (Adarsh Vidyalaya) শিক্ষক আৰু কৰ্মচাৰী সকলৰ শ্ৰেণী বৰ্জন। ছাত্ৰ-ছাত্ৰী সকলক শ্ৰেণী কোঠাত ৰাখি বিদ্যালয়ৰ প্ৰৱেশ দ্বাৰত প্ৰতিবাদত (Protest) বহিল আদৰ্শ বিদ্যালয়ৰ শিক্ষক আৰু কৰ্মচাৰী সকল। আদৰ্শ বিদ্যালয়ৰ শিক্ষক আৰু কৰ্মচাৰী সকলৰ বিভিন্ন দাবীত এই প্ৰতিবাদ।

মুকালমুৱাৰ কালদিৰ আদৰ্শ বিদ্যালয়ৰ শিক্ষক আৰু কৰ্মচাৰী সকলে বৃহস্পতিবাৰে শ্ৰেণী বৰ্জন কাৰ্যসূচী ৰূপায়ন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ কালদিৰ আদৰ্শ বিদ্যালয়ৰ শিক্ষক আৰু কৰ্মচাৰী সকলে ছাত্ৰ-ছাত্ৰী সকলক শিক্ষাদানৰ পৰা বিৰত থাকি প্ৰতিবাদ সাব্যস্ত কৰে। আদৰ্শ বিদ্যালয় সংগঠনৰ অন্তৰ্গত শিক্ষক আৰু কৰ্মচাৰী সকলে বৃহস্পতিবাৰে এই কৰ্মবিৰতি পালন কৰে।

আদৰ্শ বিদ্যালয়ৰ শিক্ষক আৰু কৰ্মচাৰী সকলে এন পি এছ সুবিধা, মেডিকেল সুবিধা, নিয়মিতভাৱে দৰমহা লাভ নকৰা, কৰ্মচাৰী সকলে আৰ অ’ পি ভিত্তিত দৰমহা লাভ নকৰা আদি বিভিন্ন দাবীত এই কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰে। আদৰ্শ বিদ্যালয়ৰ শিক্ষক আৰু কৰ্মচাৰী সকলে হাতে হাতে তেওঁলোকৰ বিভিন্ন দাবীৰ প্লেকাৰ্ড লৈ কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে চলিত বৰ্ষৰ ১ এপ্ৰিলৰ পৰা আদৰ্শ বিদ্যালয়ৰ সকলো শিক্ষক আৰু কৰ্মচাৰীয়ে আৰ অ’ পি ভিত্তিত দৰমহা লাভ কৰিব বুলি ৰাজ্য চৰকাৰে এক নিদৰ্শনা দিছিলে। কিন্তু আদৰ্শ বিদ্যালয়ৰ শিক্ষক সকলে আৰ অ’ পি ভিত্তিত দৰমহা লাভ কৰিছে যদিও কৰ্মচাৰী সকলে এতিয়ালৈকে আৰ অ’ পি ভিত্তিত দৰমহা লাভ কৰা নাই।

অৱশেষত বৃহস্পতিবাৰে আদৰ্শ বিদ্যালয়ৰ শিক্ষক আৰু কৰ্মচাৰী সকলে তেওঁলোকৰ দাবী সমূহ পূৰণ কৰাৰ বাবে শ্ৰেণী কোঠা বৰ্জন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।প্ৰতিবাদকাৰী আদৰ্শ বিদ্যালয়ৰ শিক্ষক আৰু কৰ্মচাৰী সকলে অতি শীঘ্ৰে তেওঁলোকৰ সকলোবোৰ দাবী পূৰণ কৰিবলৈ চৰকাৰক আহ্বান জনায়।