দৰং

৯ জুলাই

দৰং জিলাৰ তিনিটাকৈ অঞ্চল কন্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা। ক’ভিড সংক্ৰমণ বৃদ্ধিৰ বাবে নহয় গাহৰিৰ মৃত্যুৰ বাবে দৰংৰ তিনিটাকৈ অঞ্চলক কন্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰে প্ৰশাসনে। দৰংৰ বৰমপুৰ, অকলিবাৰী আৰু বাহজনী কন্টেইনমেণ্ট জ’ন ঘোষণা।

ৰাজ্যত ক’ভিডৰ দ্বিতীয়টো ঢৌৰ তাণ্ডৱ অব্যাহত আছে। ক’ভিড সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱাত ইতিমধ্যে ৰাজ্যৰ কেইবাখনো জিলাক কন্টেইনমেণ্ট জিলা হিচাপে ঘোষণা কৰা হৈছে। ক’ভিডৰ এই ভয়াবহ পৰিস্থিতিৰ মাজতে এইবাৰ গাহৰি আক্রান্ত হৈছে আফ্ৰিকান ছোৱাইন ফ্লুত। দৰং জিলাত গাহৰিৰ শৰীৰত ধৰা পৰিছে আফ্ৰিকান ছোৱাইন ফ্লু।

জিলাখনত শতাধিক গাহৰি ইতিমধ্যে আফ্ৰিকান ছোৱাইন ফ্লুত আক্রান্ত হৈ মৃত্যুৰ মুখত পৰিছে। বিগত প্ৰায় তিনি মাহ ধৰি জিলাখনত আফ্ৰিকান ছোৱাইন ফ্লুত আক্রান্ত হৈ মৃত্যু মুখত পৰি আছে গাহৰি। দৰংৰ অকলিবাৰী গাঁৱৰ এজন গাহৰি পালকৰ শতাধিক গাহৰি মৃত্যুৰ মুখত পৰিছে। গাহৰিৰ অস্বাভাৱিক মৃত্যুৰ খবৰ পাই গুৱাহাটীৰ পৰা পশু চিকিৎসকৰ দল অঞ্চলটোত উপস্থিত হৈছিল।

যোৱা জুন মাহৰ প্ৰথম ভাগতে গুৱাহাটীৰ পশু চিকিৎসক দলে অঞ্চলটোত উপস্থিত হৈ মৃত গাহিৰৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। নমুনাৰ পৰীক্ষাৰ ফলাফলত গাহৰিৰ মৃত্যুৰ কাৰণ আফ্ৰিকান ছোৱাইন ফ্লু বুলি ধৰা পৰে। ইফালে অঞ্চলটোৰ গাহৰি আফ্ৰিকান ছোৱাইন ফ্লুত আক্রান্ত হৈ মৃত্যুৰ মুখত পৰা বুলি স্পষ্ট হোৱাৰ পিছতে বৃহস্পতিবাৰে এটা বিশেষজ্ঞৰ দল অঞ্চলটোত উপস্থিত হয়।

বিশেষজ্ঞৰ দল উপস্থিত হৈ দৰং জিলাৰ বৰমপুৰ, অকলিবাৰী আৰু বাহজনী কন্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰে। লগতে বিশেষজ্ঞৰ দলটোৱে অঞ্চলত তিনিটাত তিনিমাহলৈকে গাহৰি পালন কৰিব নোৱাৰিব বুলিও ঘোষণা কৰে। ইফালে আফ্ৰিকান ছোৱাইন ফ্লুত আক্রান্ত হৈ গাহৰি মৃত্যু হোৱা অঞ্চলৰ ১০ কিলোমিটাৰ ব্যাসাৰ্ধত গাহৰি পালন আৰু গাহৰি মাংস বিক্ৰীৰ ওপৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে।

উল্লেখ্য যে ইতিমধ্যে অঞ্চলটোৰ গাহৰি পালক সকলৰ বহু গাহৰি মাৰি মাটিত পুতি পেলোৱাৰ ব্যৱস্থা কৰা হৈছে। অঞ্চলটোত বহু গাহৰি আফ্ৰিকান ছোৱাইন ফ্লুত আক্রান্ত হৈ মৃত্যুৰ মুখত পৰিছে। আফ্ৰিকান ছোৱাইন ফ্লুৰ ফলত দৰংৰ গাহৰি পালক সকল ইতিমধ্যে ব্যাপক ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছে। গাহৰিৰ শৰীৰত আফ্ৰিকান ছোৱাইন ফ্লু ধৰা পৰাত দৰংত ৰাইজ আতংকিত হৈ পৰিছে।