আজিজ আলী
নলবাৰী
৯ জুলাই

অৱশেষত ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ হ’ল বৰতলাৰ কন্দৰ্প ডেকাৰ মৃতদেহ। বৃহস্পতিবাৰে নলবাৰী জিলাৰ মুকালমুৱাৰ অন্তৰ্গত বৰতলাৰ কন্দৰ্প ডেকা নামৰ যুৱকজন নাওঁ দুৰ্ঘটনাত সন্ধানহীন হৈছিল ব্ৰহ্মপুত্ৰৰ বুকুত। এছডিআৰএফ বাহিনীৰ দলে ব্ৰহ্মপুত্ৰত অভিযান চলাই উদ্ধাৰ কৰে কন্দৰ্প ডেকাৰ মৃতদেহ।

নলবাৰী জিলাৰ মুকালমুৱাত বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত সংঘটিত হৈছিল এক নাওঁ দুর্ঘটনা। চাৰিজন বন্ধুৱে ব্ৰহ্মপুত্ৰ নদীৰ চৰত ঘাঁহ কাটি নাওঁ ভৰ্তি ঘাঁহলৈ উভতি অহাৰ সময়ত কালাৰদিয়া ঘাট পোৱাৰ পূৰ্বেই নাওঁখন নদীত ডুব গৈছিল। চাৰিজন বন্ধুৰ ভিতৰত তিনিজনে সাঁতুৰি পাৰলৈ আহিবলৈ সক্ষম হৈছিল যদিও কন্দৰ্প ডেকা নামৰ যুৱকজন পানীত ডুব গৈছিল।

তিনিজন বন্ধু কথমপি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছিল যদিও কন্দৰ্প ডেকা সন্ধানহীন হৈ আছিল। শুকুৰবাৰে এছডিআৰএফ বাহিনীয়ে ব্ৰহ্মপুত্ৰৰ বুকুত ৰাতিপুৱাৰে পৰা কন্দৰ্প ডেকাৰ সন্ধানত অভিযান আৰম্ভ কৰে।এছডিআৰএফ বাহিনীয়ে অভিযান আৰম্ভ কৰাৰ কিছু সময় পিছতে নদীৰ মাজৰ পৰা উদ্ধাৰ হয় কন্দৰ্প ডেকাৰ মৃতদেহ।

উল্লেখ্য যে বুধবাৰে সন্ধিয়াৰ ভাগত এই নাওঁ দুর্ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা স্থানীয় ৰাইজে ব্ৰহ্মপুত্ৰৰ বুকুত কন্দৰ্প ডেকাৰ সন্ধানত অভিযান চলাই আছিল যদিও ৰাইজে সাফল্য লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। ৰাতিপুৱাৰ ভাগত এছডিআৰএফ বাহিনীয়ে সফলতা লাভ কৰে। কন্দৰ্প ডেকাৰ মৃত্যুৱে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।