আজিজ আলী
নলবাৰী
৮ জুলাই

ব্ৰহ্মপুত্ৰৰ বুকুত হেৰাই গ’ল বৰত’লাৰ কন্দৰ্প ডেকা। ব্ৰহ্মপুত্ৰৰ চৰত ঘাঁহ কাটিবলৈ গৈ উভতি নাহিল কন্দৰ্প ডেকা। নদীৰ পাৰ পোৱাৰ পূৰ্বেই ব্ৰহ্মপুত্ৰৰ বুকুত ডুব গল কন্দৰ্প ডেকাৰ ঘাঁহ ভৰ্তি নাওঁ। চকুৰ পলকতে ব্ৰহ্মপুত্ৰৰ কোৱাল সোতে উটুৱাই নিলে কন্দৰ্প ডেকাক। অঞ্চলটোত বিৰাজ কৰিছে শোকৰ ছাঁ।

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত বৰত’লা গাঁৱৰ চাৰি বন্ধুৱে আন দিনাৰ দৰে বৃহস্পতিবাৰেও এখন সৰু নাওঁ লৈ ব্ৰহ্মপুত্ৰৰ চৰলৈ ঘাঁহ কাটিবলৈ গৈছিল। সন্ধিয়াৰ পূৰ্বে সৰু নাওঁখনেৰে ঘাঁহৰ বোজা লৈ চাৰি বন্ধু ব্ৰহ্মপুত্ৰৰ কোবাল সোত ফালি উভতি আহিছিল। কিন্ত নদীৰ পাৰ পোৱাৰ পূৰ্বেই ঘটিল দুর্ঘটনাটো।

ব্ৰহ্মপুত্ৰৰ পাৰ পাবলৈ কিছু দুৰ থাকোতে হঠাৎ চাৰি বন্ধুৰ নাওঁখনে নিয়ন্ত্ৰণ হেৰুৱাই পানীত ডুব যায়। চাৰি বন্ধুৱে জীয়াই থকাৰ আশা বুকুত বান্ধি লৈ সাঁতুৰিবলৈ আৰম্ভ কৰে। তিনি বন্ধুৱে সাঁতুৰি নদীৰ পাৰলৈ আহি পোৱাত সক্ষম হয় যদিও বিফল হয় কন্দৰ্প ডেকা।

৩৫ বছৰীয়া কন্দৰ্প ডেকাই জীৱন যুঁজত হাৰ মানি চিৰদিনৰ বাবে হেৰাই যায়। চকুৰ পলকতে নৈৰ কোৱাল সোতত কন্দৰ্প ডেকা হেৰাই যায়। এই ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। ঘটনাৰ খবৰ পাই স্থানীয় বিধায়ক দিগন্ত বৰ্মনেও ঘটনাস্থলীত উপস্থিত হয়। বৰ্তমাননেও ব্ৰহ্মপুত্ৰত সন্ধানহীন হৈ আছে কন্দৰ্প ডেকা।