বৰপেটা, ২১ জুনঃ বৰপেটাৰ সৰভোগ থানাৰ অন্তৰ্গত চোমাৰখাটত এডাল অজগৰ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য অনুহৰি যোৱাকালি নিশা প্ৰায় ৯.৩০ বজাত চোমাৰখাটৰ স্থানীয় লোকে অজগৰ ডাল প্ৰত্যক্ষ কৰে৷ গাঁৱবাসীয়ে লগে লগে সৰভোগৰ স্বেচ্ছাসেৱী সংস্থা ৰিদমক অজগৰ ডালৰ বিষয়ে অৱগত কৰে৷ স্থানীয় ৰাইজৰ পৰা খবৰ পোৱাৰ পিছতেই সংস্থাটোৰ সদস্য পংকজ নাথ আৰু ৰতিকান্ত দাসৰ তৎপৰতাত স্থানীয় যুৱক কেইজনমানে অজগৰ দাল উদ্ধাৰ কৰে। অজগৰ ডালৰ দৈৰ্ঘ্য প্ৰায় ৯ ফুট আৰু ওজন প্ৰায় ৭ কেজি৷ বৰ্তমান অজগৰ ডাল মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষক  অৰ্পন কৰা হৈছে।