চোৰে লুটি নিলে ১০ লক্ষাধিক টকাৰ সা-সামগ্ৰী

মুকালমুৱা, ২১ জুনঃ মুকালমুৱা আৰক্ষী থানাৰ সন্মুখত যোৱা নিশা চোৰে ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰা লক্ষাধিক টকাৰ সা-সামগ্ৰী চুৰি কৰি লৈ যোৱা ঘটনাই সমগ্ৰ মুকালমুৱাতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে৷ প্ৰাপ্ত তথ্য অনুহৰি, মুকালমুৱা আৰক্ষী থানাৰ সন্মুখতে থকা মা চিল্ক হাউচ এণ্ড এন্টাৰপ্ৰাইজ নামৰ ব্যৱসায়ীক প্ৰতিষ্ঠানখনৰ টিং কাটি নিশা চোৰে প্ৰৱেশ কৰি ১০ লক্ষাধিক টকাৰ সা-সামগ্ৰী চুৰি কৰি নিয়ে৷ ব্যৱসায়ীক প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী দীপক দাসে জানিবলৈ দিয়া মতে চুৰে পাট, মুগা কাপোৰৰ লগতে কাঁহ-পিতলৰ সামগ্ৰীকে ধৰি প্ৰায় ১০ লক্ষাধিক টকাৰ সামগ্ৰী চুৰি কৰে৷ মুকালমুৱা আৰক্ষী থানাৰ  সন্মুখৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰা চোৰে এনেদৰে বৃহৎ পৰিমাণৰ সা-সামগ্ৰী চুৰি কৰি নিয়া কাৰ্য্যই সমগ্ৰ মুকালমুৱাতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ আনহাতে দাসে চুৰি সন্দৰ্ভত মুকালমুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছতহে আৰক্ষী ব্যৱসায়ীক প্ৰতিষ্ঠান খনত উপস্থিত হয়৷ আৰক্ষীৰ এনে নিষ্কিয় মনোভাৱক কঠোৰ ভাষাৰে সমালোচনা কৰিছে মুকালমুৱাৰ স্থানীয় লোকে৷ কুম্ভ-কৰ্ণ নিদ্ৰাত থকা মুকালমুৱা আৰক্ষীয়ে চোৰৰ দলটোক কৰায়ত্ব কৰিবলৈ সক্ষম হ’বনে ইয়াকে লৈ অঞ্চলবাসীৰ মাজত সৰৱ চৰ্চা চলিছে৷