ৰঙিয়া, ২১ জুনঃ নামনি অসমৰ প্ৰথমখন ডিজিটেল গাঁও হিচাবে ৰঙিয়াৰ চাপনীয়া গাঁৱক গ্ৰহণ কৰা হৈছে। এই বাৰ্তা লাভ কৰাৰ লগে লগে  আনন্দিত হৈ পৰিছে স্থানীয় লোক। এই উপলক্ষে ২২ জুনত চাপনীয়াৰ তৰুণ সংঘৰ বাকৰিত এক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অনুষ্ঠানৰ কাৰ্যসূচীত দেশৰ কেন্দ্ৰীয় ৰাজ্যিক বিত্তমন্ত্ৰী সন্তোষ কুমাৰ গংগোৱাল উপস্থিত থাকিব। ইয়াৰ বাবে তৰুণ সংঘত ব্যাপক প্ৰস্তুতি চলিছে । এই অনুষ্ঠানৰ লগত সংগতি ৰাখি ডিজিটেল মহোৎসৱৰ আয়োজন কৰা হৈছে। এই মহোৎসৱত ১৪ টা বেংকে অংশগ্ৰহণ কৰিব। অনুষ্ঠানটোত বিত্তীয় সাক্ষৰতা শিবিৰৰো আয়োজন কৰা হৈছে। শিবিৰটোত গঞা ৰাইজক কেছলেছ পদ্ধতিৰ বিষয়ে অৱগত কৰা হ’ব। ডিজিটেল গাঁও হিচাবে ৰঙিয়াৰ চাপনীয়াত মাইক্ৰ এটিএম, পিঅ’এছ মেচিন, সৌৰ চাকিৰ ব্যৱস্থা কৰা হ’ব। ভাৰতীয় ষ্টেট বেংকে নেতৃত্ব দিয়া  ষ্টেট লেভেল বেংকাৰ কমিটিৰ উদ্যোগত এই কাৰ্যসূচী অনুষ্ঠিত হ’ব। কাৰ্যসূচীৰ প্ৰস্তুতিৰ তদাৰক কৰিছে স্থানীয় বিধায়ক ভৱেশ কলিতা আৰু ষ্টেট বেংকৰ উচ্চ পদস্থ বিষয়া সকলে।