লাক্ষীপুৰ : লাক্ষীপুৰৰ চৈবাৰীৰ পুখুৰীত পুনৰ পৰিল ৬ টাকৈ বনৰীয়া হাতী। পূৰ্বেও দুবাৰকৈ চৈবাৰীৰ পুখুৰীত পৰি আৱদ্ধ হৈ পৰিছিল বনৰীয়া হাতী। বন বিভাগৰ লোকে নিশা উদ্ধাৰ অভিযান চলাই পুখুৰীৰ পৰা উদ্ধাৰ কৰে বনৰীয়া হাতী কেইটাক।

শুকুৰবাৰে সন্দিয়াৰ ভাগত গোৱালপাৰা জিলাৰ লাক্ষীপুৰৰ চৈবাৰীৰ পুখুৰীত পৰি আৱদ্ধ হৈ পৰে ৬ টাকৈ বনৰীয়া হাতী। একাংশ স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লোক উপস্থিত হৈ হাতী কেইটাক পুখুৰীৰ পৰা উদ্ধাৰ কৰে। জে চি বিৰে পুখুৰীৰ পাৰ খান্দি বন বিভাগে হাতী কেইটাক উদ্ধাৰ কৰে।

খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা হাতীৰ বৃহৎ জাক এটাৰ ৬ হাতী পুখুৰীত পৰি আৱদ্ধ হৈ পৰে। বান বিভাগৰ লোকে নিশা প্ৰয়া ৭ মান বজাত হাতী কেইটাক পুখুৰীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অঞ্চলটোত দীর্ঘদিন ধৰি বনৰীয়া হাতীৰ জাক এটা মুক্ত বিচৰণ কৰি আছে।

বিভিন্ন সময়ৰ অঞ্চলটোত বনৰীয়া হাতীৰ এটা বৃহৎ জাকে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰি মানুহৰ ঘৰ দুৱাৰ ভাঙি লণ্ডভণ্ড কৰি অঞ্চলটোত উপদ্ৰৱ চলাই আছে। পূৰ্বেও দুবাৰকৈ বনৰীয়া হাতী চৈবাৰীৰ পুখুৰীত পৰি আৱদ্ধ হৈছিল। এইবাৰ তৃতীয়বাৰৰ বাবে হাতী পুখুৰীত পৰি আৱদ্ধ হৈছে।