নিউজ ডেস্ক : বিগত দুবছৰ ধৰি সমগ্ৰ বিশ্বতে সন্ত্ৰাস চলাই আছে ক’ভিড মহামাৰীয়ে। ইয়াৰ মাজতে ক’ভিডৰ নতুন ভেৰিয়েন্ট অ’মিক্ৰণৰ আগমনে বিশ্ববাসীৰ সন্মুখত এক বৃহৎ প্ৰত্যাহ্বান হিচাপে থিয় দিছে। ক’ভিডৰ নতুন ভেৰিয়েন্ট অ’মিক্ৰণ যদিও দ্ৰুত গতিত সংক্ৰমিত হয়, ই ঘাটক নহয় বুলি ইতিমধ্যে প্ৰমাণিত হৈছে।

ক’ভিডৰ তাণ্ডৱৰ মাজতে বিশ্ববাসীৰ বাবে অনাগত দিনত অধিক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ শংকা দেখা দিছে। এক নতুন ভাইৰাছৰ আগমনকলৈ চিন্তিত হৈ পৰিছে বিশ্বৰ চিকিৎসা বিজ্ঞানী সকলক। ইতিমধ্যে চীনৰ য়ুহান চহৰৰ চিকিৎসা বিজ্ঞানীক সকলে বিশ্ববাসীক সজাগ হৈ থাকিবলৈ সতৰ্ক কৰি দিছে।

চীনৰ য়ুহান চহৰৰ চিকিৎসা বিজ্ঞানী সকলৰ গৱেষণাত ক’ভিডৰ পৃথিৱীত ক’ভিডৰ নতুন ভেৰিয়েন্ট নিঅ’কভৰ আগমন ঘটিছে বুলি ধৰা পৰিছে। দক্ষিণ আফ্ৰিকাত ইতিমধ্যে নিঅ’কভ ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে বুলি য়ুহান চহৰৰ চিকিৎসা বিজ্ঞানী সকলৰ গৱেষণাত স্পষ্ট হৈছে। এই ভাইৰাছ অধিক ভয়াবহ হোৱাৰ শংকা প্ৰকাশ কৰা হৈছে।

উল্লেখ্য যে দক্ষিণ আফ্ৰিকাৰ বাদুলীৰ শৰীৰত নিঅ’কভ ভাইৰাছৰ অৱস্থিতি দেখিবলৈ পোৱা যায়। বর্তমানলৈকে এই ভাইৰাছ মানৱ শৰীৰত সংক্ৰমিত হোৱা নাই যদিও নিঅ’কভ ভাইৰাছ এবাৰ মিউটেণ্ট হৈ যদি মানৱ শৰীৰলৈ সংক্ৰমিত হয় তেন্তে পৰিস্থিতি অধিক ভয়াবহ হোৱা আশংকা আছে বুলি চিকিৎসা বিজ্ঞানী সকলে সন্দেহ প্ৰকাশ কৰিছে।

চিকিৎসা বিজ্ঞানী সকলৰ মতে এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা তিনিজন লোকৰ ভিতৰত এজন লোকৰ মৃত্যু হোৱাৰ সম্ভৱনা আছে। নিঅ’কভ ভাইৰাছ নতুন নহয়, পূৰ্বেৰ পৰাই এই ভাইৰাছ আছে। ২০১২ চনত চৌদি আৰবত এজন লোকৰ শৰীৰত নিঅ’কভ ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছিল।