জোনমণি বেগম

বিশ্বনাথ : মৃতদেহ উদ্ধাৰ হোৱাকলৈ বিশ্বনাথত চাঞ্চল্য। ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে এজন যুৱক মৃতদেহ। যুৱকজনৰ মৃতদেহৰ কাষতে উদ্ধাৰ হৈছে যুৱকজনৰ স্কুটী আৰু মোবাইল ফোন। হত্যাকাণ্ডৰ সন্দেহ স্থানীয় ৰাইজৰ।

বিশ্বনাথৰ মিলনপুৰত ৰহস্যজনক অৱস্থা উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ। মৃতদেহ উদ্ধাৰ হোৱাকলৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত। মৃতদেহ উদ্ধাৰ হোৱা যুৱকজন বিশ্বনাথৰ সামৰিখোৱা গাঁৱৰ সুদিপ্ত ৰঞ্জন দাস বুলি চিনাক্ত হৈছে।

২৯ বছৰীয়া যুবকজনৰ মৃতদেহ পুৱা বিশ্বনাথৰ মিলনপুৰত উদ্ধাৰ কৰে বিশ্বনাথ সদৰ আৰক্ষীয়ে। মৃতদেহৰ কাষতে উদ্ধাৰ হৈ যুৱকজনৰ স্কুটী আৰু মোবাইল ফোন। মৃত যুৱকজনৰ মোবাইল ফোনটো সম্পূৰ্ণ ফৰমেট কৰা অবস্থাত উদ্ধাৰ হোৱাত এইয়া এক হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ হৈছে।

অৱশ্যে মৃত যুৱকজনৰ শৰীৰত কোনো ধৰণৰ আঘাতৰ চিন প্ৰতক্ষ্য কৰা হোৱা নাই। স্থানীয় ৰাইজৰ সন্দেহ প্ৰকাশ কৰিছে যে যুৱকজনক কোনো দুৰ্বৃত্তই নিশা হত্যা কৰি পেলাই থৈ গৈছে।বিশ্বনাথ সদৰ আৰক্ষী থানাই যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।