মানকাচৰ : আৰক্ষী-বিএছএফৰ গুলীকো কেৰেপ নকৰে গৰু সৰবৰাহকাৰীয়ে। কিছুদিন পূৰ্বে বিএছএফৰ গুলীত এজন গৰু সৰবৰাহকাৰী নিহত হোৱাৰ পিছতো মানকাচৰত অব্যাহত আছে গৰুৰ সৰবৰাহ। মানকাচৰত পুনৰ দুদিনত আৰক্ষী আৰু বিএছএফৰ অভিযানত জব্দ ১১ টাকৈ পশুধন।

কিছুদিন পূৰ্বে মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত বিএছএফৰ গুলীত এজন গৰু সৰবৰাহকাৰী নিহত হোৱাৰ পিছতো মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত অব্যাহত আছে গৰুৰ সৰবৰাহ। বিগত দুটা দিনত আৰক্ষী আৰু বিএছএফে পৃথকে পৃথকে অভিযান চলাই ১১ টাকৈ পশুধন জব্দ কৰিবলৈ সক্ষম হৈছে।

বুধবাৰে পুৱতি নিশা মানকাচৰৰ কালাপানী আৰক্ষী চকীৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৰ চাটিভূই অঞ্চলৰ পৰা কালাপানী আৰক্ষীয়ে অভিযান চলাই তিনিটা গৰু জব্দ কৰে। আৰক্ষীক দেখা পাই গৰু সৰবৰাহকাৰী দলটো পলায়ন কৰে যদিও আৰক্ষীয়ে গৰু কেইটা জব্দ কৰি খোৱাৰাত জমা কৰে।

ইফালে মানকাচৰৰ সুখচৰ থানাৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্তৰ ছালাপাৰা বিএছএফ কেম্পৰ জোৱান সকলে অভিযান চলাই ৮ টা পশুধন জব্দ কৰি সুখচৰ আৰক্ষীৰ হাতত চমজাই দিয়ে। বিএছএফে জব্দ কৰা ৮ টা পশুধনৰ ভিতৰত ৪ টা গৰু আৰু ৪ টা ম’হ আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে কিছুদিন পূৰ্বে মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৰ দীপচৰত কাঁইটীয়া তাঁৰৰ বেৰৰ ওপৰেদি বাহৰ ঢেকীৰ সহযোগত বাংলাদেশলৈ গৰু সৰবৰাহ কৰি থকা অৱস্থাত বিএছএফে বাধা প্ৰদান কৰাত গৰু সৰবৰাহকাৰী চক্ৰটো বিএছএফক আক্ৰমণ কৰিছিল। ফলত বিএছএফে গুলী চালনা কৰাত এজন গৰু সৰবৰাহকাৰী নিহত হৈছিল।

এই ঘটনাৰ পিছত জিলাখনত গৰুৰ সৰবৰাহ বন্ধ হ’ব বুলি ধাৰণা কৰা হৈছিল যদিও আজিও জিলাখনৰ ভাৰত-বাংলাদেশ সীমান্তৰ মাজেৰে বাংলাদেশলৈ গৰুৰ সৰবৰাহ অব্যাহত আছে। বিভিন্ন সময়ত সুযোগ গ্ৰহণ কৰি নিশাৰ ভাগত গৰু সৰবৰাহকাৰীয়ে বাহৰ ঢেকীৰে গৰু কাঁইটীয়া তাঁৰৰ বেৰৰ ওপৰেদি বাংলাদেশলৈ সৰবৰাহ কৰে।