ৰূপহীহাট : জুৰীয়াৰ গৰৈমাৰী পাম গাঁৱত পুৱাৰ ভাগতে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। দগাঁও- ধিংগাঁও গাঁও পঞ্চায়তৰ উপ-সভাপতিৰ বাসগৃহ ঘেৰাও কৰি ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। আনৰ নথি পত্ৰ ব্যৱহাৰ কৰি লাখ লাখ টকা ঋণ লোৱাৰ অভিযোগ গাঁও পঞ্চায়তৰ উপ-সভাপতিৰ বিৰুদ্ধে।

নগাঁও জিলাৰ জুৰীয়াৰ গৰৈমাৰী পাম গাঁৱত বৃহস্পতিবাৰে পুৱাৰ ভাগতে ৰাইজে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। জুৰীয়াৰ দগাঁও-ধিংগাঁও গাঁও পঞ্চায়তৰ উপ-সভাপতি মুচকুৰ হুছেইনৰ বিৰুদ্ধে এক গুৰুত্বৰ অভিযোগ উত্থাপন কৰি ৰাইজে পৰিৱেশ উত্তপ্ত কৰি তোলে। মুচকুৰ হুছেইন চাইবাৰ অপৰাধৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপন কৰে ৰাইজে।

দগাঁও-ধিংগাঁও গাঁও পঞ্চায়তৰ উপ-সভাপতি মুচকুৰ হুছেইন সহজে ধন ঘটাৰ বাবে চাইবাৰ অপৰাধত জড়িত থকাৰ অভিযোগ উত্থাপন কৰে ৰাইজে। মুচকুৰ হুছেইনে নিজৰ আত্মীয় ক্ৰমে মোকাজিল হক আৰু ইক্ৰামুল হুছেইনৰ সহযোগত শ্ৰমিকৰ পৰিচয় পত্ৰ বনাই দিয়াৰ নামত শ শ পুৰুষ-মহিলাৰ পৰা পান কাৰ্ড, আধাৰ কাৰ্ডৰ লগতে অন্যান্য প্ৰয়োজনীয় নথি পত্ৰ সংগ্ৰহ কৰে।

অপৰাধী চক্ৰটোয়ে অতি কৌশলেৰে ৰাইজৰ সংগৃহীত নথি পত্ৰ ব্যৱহাৰ কৰি অনলাইন যোগে ঋণ লৈ লাখ লাখ টকা লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে একাংশ ভুক্তভোগী ৰাইজে। পুৱাৰ ভাগত শ শ পুৰুষ মহিলা একত্ৰিত হৈ দগাঁও -ধিংগাঁও গাঁও পঞ্চায়তৰ উপ-সভাপতিৰ বাসগৃহ ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ৰাইজে অপৰাধী চক্ৰটোৰ বিৰুদ্ধে জিলা প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰো দাবী জনায়।