গুৱাহাটী : আইএছবিটিত পুনৰ জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ। আৰক্ষীৰ অভিযানত জব্দ ১০ পেকেট হেৰ’ইন। গ্ৰেপ্তাৰ দুজন ড্ৰাগছ সৰবৰাহকাৰী। মণিপুৰৰ পৰা অনা হৈছিল হেৰ’ইনখিনি। কিছুদিন পূৰ্বেও আইএছবিটিৰ পৰা আৰক্ষীয়ে প্ৰায় ২ কোটি টকা মূল্যৰ নিচাজাতীয় টেবলেট জব্দ কৰিছিল। আৰক্ষীৰ ধাৰাবাহিক অভিযানৰ পিছতো মণিপুৰৰ পৰা ড্ৰাগছ সৰবৰাহ হৈ আছে।

মহানগৰ আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই এটাৰ পিছত আনটো সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। কিছুদিন পূৰ্বে মহানগৰ আৰক্ষীয়ে মেঘালয়ৰ বৰ্ণিহাটত অভিযান চলাই এখন ট্ৰাকৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিছিল। ইয়াৰ পিছতে মহানগৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান চলিছিল আইএছবিটিত।

আইএছবিটিত মহানগৰ আৰক্ষীয়ে অভিযান চলাই ৫০ হাজাৰ নিচাজাতীয় টেবলেট জব্দ কৰিছিল। আৰক্ষীয়ে জব্দ কৰা টেবলেটখিনিৰ বজাৰ মূল্য প্ৰায় ২ কোটি টকা হব বুলি জানিব পৰা গৈছিল। বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত পুনৰ মহানগৰ আৰক্ষীয়ে আইএছবিটিত ড্ৰাগছ বিৰোধী অভিযান চলাই বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হয়।

এক গোপন খবৰৰ ভিত্তিত গড়চুক আৰক্ষীয়ে আৰু আইএছবিটি আৰক্ষীৰ লগত যৌথ অভিযান চলাই বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ কৰে। মণিপুৰৰ গুড ট্ৰেভেলছৰ এখন বছৰ পৰা আৰক্ষীয়ে অভিযান চলাই হেৰ’ইনখিনি জব্দ কৰে। ১০ পেকেট হেৰ’ইন জব্দ কৰাৰ লগতে আৰক্ষীয়ে দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।

ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজন হেৰ’ইন জব্দ হোৱা গুড ট্ৰেভেলছৰ এনএন-০৪-পি-০৮৪৪ নম্বৰৰ বাছখনৰ চালক আৰু হেণ্ডিমেন বুলি জানিব পৰা গৈছে। সৰবৰাহকাৰী দুজনৰ নাম ৰেকিব আৰু ইাবুং। ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ অতি কৌশলেৰে বছখনৰ চিটৰ কাষত হেৰ’ইনখিনি লুকুৱাই আনিছিল।

আৰক্ষীয়ে জব্দ কৰা হে’ইনখিনি বজাৰ মূল্য কেইবা লাখ টকা হ’ব বুলিও জানিব পৰা গৈছে। ড্ৰাগছ সৰবৰাহকাৰী দুজনক আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা চলাই আছে। উল্লেখ্য যে অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই এটাৰ পিছত আনটো বৃহৎ সাফল্য লাভ কৰি থকাৰ মাজতে মণিপুৰৰ পৰা ড্ৰাগছৰ সৰবৰাহ অব্যাহত আছে।