আজিজ আলী
মুকালমুৱা : সংসদত কৃষি আইন বাতিলৰ দাবীত মুকালমুৱাত প্ৰতিবাদ। মুকালমুৱাত কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু সংযুক্ত কৃষক মৰ্চাৰ আহ্বানত সাব্যস্ত কৰা হয় প্ৰতিবাদ। কৃষক বিৰোধী কৃষি আইন সংসদত প্ৰত্যাহাৰ আৰু শ্ৰমিক বিৰোধী শ্ৰম সংহিতা বাতিলৰ দাবীত প্ৰতিবাদী সমদল।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনিখন কৃষি আইন প্ৰত্যাহাৰ কৰা হ’ব বুলি ঘোষণা কৰাৰ পিছতে কৃষি আইন তিনিখন সংসদত বাতিল কৰাৰ দাবীত প্ৰতিবাদ অব্যাহত আছে। শুকুৰবাৰে এছএফআই, চিটু, নিখিল ভাৰত কৃষক সভা, নিখিল ভাৰত গণতান্ত্ৰিক মহিলা বৰক্ষেত্ৰী আঞ্চলিক সমিতিয়ে কৃষি আইন তিনিখন বাতিলৰ দাবীত এক প্ৰতিবাদী সমদল উলিয়াই।

প্ৰতিবাদকাৰী সকলে কৃষক বিৰোধী তিনিখন কৃষি আইন সংসদত বাতিল কৰক, শ্ৰমিক বিৰোধী শ্ৰম সংহিতা আইন বাতিল কৰক, বিজেপি চৰকাৰ হায়-হায়, মোদী চৰকাৰ হায়-হায়, অমিত শ্বাহ হায়-হায় আদি ধ্বনিৰে প্ৰতিবাদ সাৱ্যস্ত কৰি ৰাজপথ উত্তাল কৰি তোলে। মুকালমুৱা ৰাজহুৱা মঞ্চৰ পৰা নাৰায়নপুৰ হৈ মুকালমুৱা চক বজাৰলৈ প্ৰতিবাদী সমদল উলিয়াই প্ৰতিবাদকাৰী সকলে।

এই প্ৰতিবাদী কাৰ্যসূচীত নিখিল ভাৰত কৃষক সভা বৰক্ষেত্ৰী আঞ্চলিক সমিতিৰ সম্পাদক ভুৱনেশ্বৰ বৰ্মন, সভাপতি হবিবৰ আলী, এছএফআইৰ ৰাজ্যিক সমিতিৰ সদস্য সকলে অংশগ্ৰহণ কৰে। সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়ন বৰক্ষেত্ৰী আঞ্চলিক সম্পাদক নুৰ হুছেইন আলীসহ দুই শতাধিক প্ৰতিবাদকাৰীয়ে সমদল উলিয়াই প্ৰতিবাদ সাৱ্যস্ত কৰে।