জোনমণি বেগম
বিশ্বনাথ : অসমীয়া ভাষাৰ হৰ্ডিং আঁতৰাবলৈ প্ৰদীপ দত্ত ৰায়ে ৪৮ ঘণ্টাৰ সময় দিছিল। ২৪ ঘণ্টাতে আঁতৰিল অসমীয়া ভাষাৰ হৰ্ডিং। ইয়াৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। অসমীয়া ভাষাৰ হৰ্ডিং আঁতৰাবলৈ ৪৮ ঘণ্টাৰ সময় বান্ধি দিয়া প্ৰদীপ দত্ত ৰায়ৰ প্ৰতিমূৰ্তিও জ্বলিল।

বিশ্বনাথ নগৰত বিশ্বনাথ আছুৰ প্ৰতিবাদী কাৰ্যসূচী। অসমত অসমীয়া ভাষাৰ বিৰুদ্ধে বাৰে বাৰে ষড়যন্ত্ৰ কৰাৰ সাহস কৰা প্ৰদীপ দত্ত ৰায় নামৰ লোকজনৰ প্ৰতিমূৰ্তি দাহ বিশ্বনাথ নগৰত। প্ৰদীপ দত্ত ৰায় নামৰ লোকজনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটো সম্বলিত এখন হৰ্ডিংত অসমীয়া ভাষা লিখাৰ বাবে সেই বিজ্ঞাপনৰ ফলক ৪৮ ঘণ্টাৰ ভিতৰত আঁতৰাই পেলাবলৈ নিৰ্দেশ দিছিল।

প্ৰদীপ দত্ত ৰায়ে বৰাকত অসমীয়া ভাষাৰ হৰ্ডিং আঁতৰাবলৈ ৪৮ ঘণ্টাৰ সময় দিছিল যদিও ২৪ ঘণ্টাৰ ভিতৰতে আঁতৰাই দিয়া হয় অসমীয়া ভাষাৰ হৰ্ডিং। ইয়াৰ পিছতে গৰজি উঠিছে ৰাজ্যৰ বিভিন্ন জাতীয় দল-সংগঠন। বৰাকত অসমীয়া ভাষাৰ হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ দিয়াৰ বাবে বিশ্বনাথ আছুৱে বিশ্বনাথ নগৰত প্ৰদীপ দত্ত ৰায়ৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী আছুৰ নেতা-কৰ্মীয়ে প্ৰদীপ দত্ত ৰায়ৰ প্ৰতিমূৰ্তি দাহ কৰি জয় আই অসম, বিজেপি চৰকাৰ হায় হায়, গৃহ বিভাগ হায় হায় শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। ২৪ ঘন্টাৰ ভিতৰত প্ৰদীপ দত্ত ৰায়ক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় প্ৰতিবাদকাৰী আছুৰ নেতা-কর্মী সকলে। বৰাকত অসমীয়া ভাষাৰ প্ৰচলন বন্ধ কৰাৰ চেষ্টা চলোৱা প্ৰদীপ দত্ত ৰায়ৰ বিৰুদ্ধে আছুৰ লগতে অন্যান্য দল-সংগঠনো গৰজি উঠিছে।