গুৱাহাটী : ২৪ ঘণ্টাত ৰাজ্যত পুনৰ ৩ হাজাৰতকৈ অধিক লোক আক্রান্ত হৈছে ক’ভিডত। বৃহস্পতিবাৰৰ দিনটোত অসমত ক’ভিডত আক্রান্ত হৈছে ৩ হাজাৰ ২৩৪ জন লোক। মৃত্যুৰ হৈছে ৩ জন ক’ভিড ৰোগীৰ। ইয়াৰ পৰিবৰ্তে সুস্থ হৈ উঠা ৰোগীৰ সংখ্যা হৈছে ১ হাজাৰ ২৪২ জন।

ৰাজ্যত অধিক ভয়াবহভাৱে বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড আক্ৰান্তৰ সংখ্যা। বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত ৭.৮৭ শতাংশলৈ বৃদ্ধি পাইছে সংক্ৰমণৰ হাৰ। বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত মুঠ ৪১ হাজাৰ ১৬৫ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছে আৰু ইয়াৰে ৩ হাজাৰ ২৩৮ জনৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি।

আনহাতে এই সময়ছোৱাত ৰাজ্যত মৃত্যুৰ মুখত পৰে ৩ জন ক’ভিড আক্রান্ত লোক। বৃহস্পতিবাৰে ৰাজ্যত ক’ভিডৰ পৰা সুস্থ হৈ উঠা লোকৰ সংখ্যা হৈছে ১ হাজাৰ ২৪২ জন। বৃহস্পতিবাৰৰ দিনটোত সৰ্বাধিক লোক ক’ভিডত আক্রান্ত হৈছে কামৰূপ মহানগৰ জিলাত।

১ হাজাৰ ৭০ জন লোক কামৰূপ মহানগৰ জিলাত বৃহস্পতিবাৰে নতুনকৈ ক’ভিডত আক্রান্ত হয়। কামৰূপ মহানগৰ জিলাৰ পিছতে আছে কাছাৰ জিলা। কাছাৰত আক্রান্ত হৈছে ৩০৫ জন লোক। ইয়াৰ পৰিবৰ্তে ডিব্ৰুগড়ৰ জিলাত ১৮১ জন আৰু যোৰহাট জিলাত ১৪৫ জন লোক আক্রান্ত হৈছে।

মৃত্যুৰ মুখত পৰা ক’ভিড ৰোগী ৩ জনৰ ভিতৰত ১ জন কাছাৰ জিলাৰ ১ জন চৰাইদেউ জিলাৰ আৰু ১ জন কামৰূপ গ্ৰাম্য জিলাৰ। বুধবাৰে ৰাজ্যত ক’ভিডত আক্রান্ত হৈছিল ৩ হাজাৰ ২৭৪ জন লোক। বুধবাৰে মৃত্যুৰ মুখত পৰা ৪ জন ক’ভিড ৰোগীৰ ২ জন ডিব্ৰুগড় জিলাৰ ১ জন কাছাৰ জিলাৰ আৰু ১ জন শোণিতপুৰ জিলাৰ আছিল।