গুৱাহাটী : ৰাজ্যজুৰি মাঘ বিহু উপলক্ষে উখল মাখল পৰিৱেশ। পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয় ভোগৰ বিহু ভোগালী, ইয়াৰ অনা এটা নাম মাঘ বিহু। মাঘ বিহুৰ আগদিনা উৰুকাৰ নিশা মেজিৰ তলত সকলোৱে একেলগে তৃপ্তিৰে এসাঁজ খাই পুৱাৰ ভাগত অপায় অমংগল দূৰ কৰা আৰু মানৱ জাতিৰ মংগল কামনাৰে মেজিত অগ্নি সংযোগ কৰে।

মেজিত অগ্নি সংযোগ কৰি মেজিৰ জুইৰ তাপ লৈ সকলোৱে মাহ, মগু, পিঠা, চাউল, ঘিঁউ আদি দি অগ্নিক সেৱা জনাই আশীৰ্বাদ গ্ৰহণ কৰে। ইয়াৰ পিছতে মেজিৰ বাকৰিত অনুষ্ঠিত কৰা হয় বিভিন্ন ধৰণৰ খেল-ধেমালি। পৰম্পৰা ৰক্ষা কৰি মেজি জ্বলোৱাৰ পিছতে অনুষ্ঠিত কৰা হয় কণী যুঁজ, কড়ি খেল, টেকেলি ভঙাকে আদি কৰি বিভিন্ন ধৰণৰ খেল।

অৱশ্যে ক’ভিডৰ বাবে এইবাৰ ৰাইজৰ মাজত আনন্দ উল্লাখ কিছু পৰিমাণে হ্ৰাস পোৱা পৰিলক্ষিত হয় যদিও ভোগৰ এই উৎসৱত সকলোৱে মিলি একেলগে ভোগ কৰে দৈ, চিৰাৰ লগতে বিভিন্ন ধৰণৰ পিঠা পনা। গ্ৰামাঞ্চল সমূহৰ লগতে কংক্ৰীতৰ মহানগৰী গুৱাহাটীতো মাঘ বিহুকলৈ গুৱাহাটীবাসীৰ মাজত দেখিবলৈ পোৱা যায় ব্যাপক উৎসাহ।

গণেশগুৰিত গণেশ উদ্যানত আয়োজন কৰা মাঘ বিহুৰ বিশেষ অনুষ্ঠানত পুৱাৰ ভাগতে দেখিবলৈ পোৱা যায় ৰাইজৰ ভিৰ। গণেশগুৰি অঞ্চলৰ ৰাইজে গণেশ উদ্যানত নিৰ্মাণ কৰা মেজি আৰু ভেলা ঘৰ পুৱাৰ ভাগত অগ্নি সংযোগ কৰি ৰাইজে অগ্নি দেৱতাক সেৱা জনাই সমগ্ৰ বিশ্বতে সন্ত্ৰাস চলাই থকা ক’ভিড মহামাৰী যতে মেজিৰ জুইত জ্বলি বিনষ্ট হয় ইয়াৰে কামনা কৰে।