নিউজ ডেস্ক : পশ্চিম বংগৰ জলপাইগুৰিত ভয়াবহ ৰে’ল দুর্ঘটনা। বিকানেৰ-গুৱাহাটী এক্সপ্ৰেছৰ ১২ টাকৈ ডবা লাইনচ্যুত। এই ভয়াবহ ৰে’ল দুর্ঘটনাত তিনিজনকৈ লোক নিহত হোৱাৰ খবৰ পোৱা গৈছে। আহত হৈছে কেইবাজনো যাত্ৰী।

উৰুকাৰ দিনটোতে এক ভয়াবহ ৰে’ল দুর্ঘটনা। বিহাৰৰ ৰাজধানী পটনাৰ পৰা গুৱাহাটী অভিমুখে আহি থকা বিকানেৰ এক্সপ্ৰেছ ৰে’লখন ১২ টাকৈ ডবা ৰে’ল লাইনৰ পৰা বাগৰি পৰে পশ্চিম বংগৰ জলপাইগুৰিত। ফলত তিনিজনকৈ যাত্ৰী নিহত হয়।

এই ভয়াবহ দুর্ঘটনাত ৰে’লখনত বহু যাত্ৰী আহত হোৱা বুলিও জানিব পৰা গৈছে। ৰেল বিভাগৰ উদ্ধাৰকাৰী দল দুর্ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। আহত সকলক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ৰে’লখনত অসমৰ বহু যাত্ৰী আছিল।