গুৱাহাটী : শনিবাৰে পুনৰ ডাঃ নভনীল বৰুৱাক দিছপুৰ থানাত জেৰা। দিছপুৰ থানাত জি এন আৰ চি হাস্পতালৰ কৰ্তৃপক্ষ গৰাকীক জেৰা অব্যাহত ৰাখিছে দিছপুৰ আৰক্ষীয়ে। শুকুৰবাৰে প্ৰায় ৯ ঘণ্টা জেৰা চলোৱা হৈছিল চিকিৎসক ডাঃ নভনীল বৰুৱাক। ৰাজকন্যা বৰুৱাক জি এন আৰ চি হাস্পতালৰ ছেমি আই চি ইউত ভৰ্তি কৰাৰ অভিযোগ চিকিৎসক ডাঃ নভনীল বৰুৱাৰ বিৰুদ্ধে। জি এন আৰ চি হাস্পতালৰ প্ৰশাসনিক বিষয়াকো জেৰা আৰক্ষীৰ।

শুকুৰবাৰে প্ৰায় ৯ ঘণ্টা দিছপুৰ থানাত আৰক্ষীৰ জেৰাৰ সন্মুখীন হোৱা জি এন আৰ চি হাস্পতালৰ কৰ্তৃপক্ষ চিকিৎসক ডাঃ নভনীল বৰুৱাক শনিবাৰে পুনৰ জেৰা চলোৱা হৈছে। শুকুৰবাৰে জেৰাৰ অন্তত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পিছত চিকিৎসক গৰাকীক ঘৰলৈ যাবলৈ দিয়া হৈছিল। শনিবাৰে দ্বিতীয় দিনৰ বাবে জেৰাৰ সন্মুখীন হৈছে চিকিৎসক ডাঃ নভনীল বৰুৱা। বৃহস্পতিবাৰে ৰাজকন্যা বৰুৱাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত চিকিৎসক গৰাকীলৈ আৰক্ষীয়ে চমন জাৰি কৰিছিল।

আৰক্ষীৰ চমন লাভ কৰাৰ পিছত শুকুৰবাৰে দিছপুৰ থানাত হাজিৰ হোৱাৰ সময়ত চিকিৎসক ডাঃ নভনীল বৰুৱাই সাংবাদিকৰ আগত কৈছিল যে তেওঁৰ ৰাজকন্যা বৰুৱাৰ লগত পূৰ্বৰ চিকানি নাই। তেওঁৰ কোনো ভুল নাই। চিকিৎসক ডাঃ নভনীল বৰুৱাই ৰাজকন্যা বৰুৱাক ছেমি আই চি ইউত ৰখাৰ অভিযোগ নস্যাত কৰি কৈছিল মই ৰাজকন্যা বৰুৱাক আই চি ইউত ৰখা নাছিলোঁ। পৰৱৰ্তী সময়ত চিকিৎসক গৰাকীয়ে আৰক্ষীক কৈছিল যে ৰাজকন্যা বৰুৱাই তেওঁক মেছেজ কৰিছিল যে যদি তেওঁক আই চি ইউত ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰা নহয় তেন্তে তেওঁ আত্মহত্যা কৰিব বুলি।

চিকিৎসক গৰাকীয়ে ৰাজকন্যা বৰুৱাই তেওঁক কৰা মেছেজ আৰক্ষীক দিয়া বুলিও জানিব পৰা গৈছে। ৰাজকন্যা বৰুৱাক চিকিৎসা প্ৰদান কৰাৰ বাবে ছেমি আই চি ইউত ভৰ্তি কৰোৱাৰ অভিযোগ উত্থাপন হৈছে জি এন আৰ চি হাস্পতালৰ চিকিৎসক ডাঃ নভনীল বৰুৱাৰ বিৰুদ্ধে। ইফালে শনিবাৰে দিছপুৰ থানাত চিকিৎসক ডাঃ নভনীল বৰুৱাৰ লগতে জি এন আৰ চি হাস্পতালৰ প্ৰশাসনিক বিষয়া সৰ্যু সিঙকো জেৰা চলাই থকা হৈছে।