ৰূপহীহাট : নাৰী সৰবৰাহৰ লগত জড়িত ভাতৃ-ভগ্নী। অসমৰ বহু যুৱতীক বহিঃৰাজ্যত বিক্ৰী কৰিলে ভাতৃ-ভগ্নীয়ে। অসমৰ মহিলা-যুৱতীক বিভিন্ন প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নি দেহ ব্যৱসায়ীৰ হাতত বিক্ৰী কৰাৰ অভিযোগ এহাল ভাতৃ-ভগ্নীৰ বিৰুদ্ধে।

নগাঁও জিলাৰ জুৰীয়াৰ এহাল ভাতৃ- ভগ্নীৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুত্বৰ অভিযোগ। নাৰী সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে এহাল ভাতৃ-ভগ্নীৰ বিৰুদ্ধে। ইতিমধ্যে নাৰী সৰবৰাহকাৰী চক্ৰৰ লগত জড়িত থকাৰ অভিযোগত ৰাইজে শনিবাৰে ভগ্নীক আটক কৰে।

নাৰী সৰবৰাহকাৰী চক্ৰ সদস্য ভাতৃ-ভগ্নীয়ে বিভিন্ন প্ৰলোভনেৰে মহিলা-যুৱতীক জালত পেইলা বহিঃৰাজ্যলৈ সৰবৰাহ কৰে বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে। জুৰীয়াৰ দগাৱঁৰ নাৰী সৰবৰাহকাৰী এই ভাতৃ-ভগ্নীৰ জালত পৰিছে জুৰীয়াৰ শিঙীয়াৰ এগৰাকী যুৱতী। দিল্লীৰ এখন পতিতালয়ত যুৱতী গৰাকীক ভাতৃ-ভগ্নীয়ে বিক্ৰী কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে।

বিয়াৰ প্রোলোভন দেখুৱাই ভাতৃ-ভগ্নীয়ে মিলি যুৱতী গৰাকীক দিল্লীলৈ নি বিক্ৰী কৰিছিল। যুৱতী গৰাকীৰ পৰিয়ালৰ লোক এই সন্দৰ্ভত অৱগত হোৱাৰ পিছত ভাতৃ-ভগ্নীৰ বিৰুদ্ধে জুৰীয়া থানাত এজাহাৰ দাখিল কৰিছিল। ইয়াৰ পিছতে যুৱতী গৰাকীক দিল্লীৰ পৰা ঘূৰাই পঠাইছিল নাৰী সৰবৰাহৰ লগত জড়িত ভাতৃ-ভগ্নীয়ে।

ভুক্তভোগী যুৱতী গৰকীয়ে ৰাইজক ঘটনা সন্দৰ্ভত অৱগত কৰাত ৰাইজে নাৰী সৰবৰাহকাৰী ভগ্নীক আটক কৰে। ভুক্তভোগী যুৱতী গৰাকীয়ে জানিবলৈ দিয়ে যে অসমৰ বহু যুৱতী-মহিলাক এই দুই ভাতৃ-ভগ্নীয়ে জালত পেলাই বহিঃৰাজ্যৰ পতিতালয়ত বিক্ৰী কৰিছে। ৰাইজ এই নাৰী সৰবৰাহকাৰী ভাতৃ-ভগ্নীৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে।