গুৱাহাটী, সংবাদ ৩৬৫, ২৩ জুলাই : বিশিষ্ট আগৰ খেতিয়ক, ব্যৱসায়ী, গৱেষক আৰু সাঁচি ভেঁকুৰৰ উদ্ভাৱক তথা এম জে আই গ্রুপৰ অধ্যক্ষ জেহিৰুল ইছলামৰ আগৰ খেতি তথা ব্যৱসায়ৰ ওপৰত এক সংবাদমেল অনুষ্ঠিত কৰে ।

উল্লেখযোগ্য যে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ আগৰ খেতি তথা ব্যৱসায়ে বিগত ৭০-৮০ বছৰ ধৰি সমগ্ৰ বিশ্বতে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । ইয়াৰ খেতি আৰু ব্যৱসায়ে শিক্ষিত নিবনুৱাচামক লাভান্বিত কৰাৰ লগতে নিবনুৱা সমস্যা সমাধানতো বিশেষ ভূমিকা প্ৰদান কৰি আহিছে ।

জেহিৰুল ইছলামে সংবাদমেলত মন্তব্য প্ৰকাশ কৰে যে অসম তথা উত্তৰ -পূৰ্বাঞ্চলত উৎপন্ন হোৱা আগৰৰ লগত বিশ্বৰ কোনো স্থানৰ আগৰে ফেৰ মাৰিব পৰা নাই আৰু নোৱাৰে । অসমৰ আগৰৰ পৰা উৎপাদিত তেলৰ অতি উন্নত মানৰ সুগন্ধিয়ে সকলোকে আকৰ্ষিত কৰাৰ উপৰি ইয়াৰ স্থায়িত্ব দীৰ্ঘ সময়ৰ হোৱাৰ বাবে সমগ্ৰ বিশ্বতে ইয়াৰ চাহিদা অধিক ।

ইছলামে আৰু কয় যে চৰকাৰে নতুন আইন প্ৰণয়ন কৰাৰ ফলত আগৰ খেতিয়ক আৰু ব্যৱসায়ীসকলে কোনো সমস্যাৰ সন্মুখীন হ’বলগীয়া নহব । নতুন আইন প্ৰণয়নেৰে ৩৫ বিঘা মাটিত আগৰ খেতি কৰা আৰু আগৰ গছ কটাৰ ক্ষেত্ৰত কোনো অনুমতিৰ প্ৰয়োজন নহব তথা নিজাববীয়াকৈ তেল উৎপাদন কৰাৰ ক্ষেত্ৰতো কোনো বাধাকতা নাথাকিব ।

তদুপৰি সমগ্ৰ বিশ্বতে অসমত উৎপাদিত আগৰ কাঠ আৰু তেলৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি আন্তঃৰাষ্ট্রীয় আগৰ বাণিজ্য কেন্দ্ৰ খুমটাই সমষ্টিত স্থাপনৰ চৰকাৰী ঘোষণাই খুমটাইৰ জনসাধাৰণৰ মাজত আনন্দৰ জোঁৱাৰ তুলিছে বুলিও ইছলামে মন্তব্য কৰে । তেখেতে কয় যে অসম চৰকাৰৰ এনে সঠিক সিদ্ধান্তই অসমৰ খেতিয়ক আৰু ব্যৱসায়ীসকলে বিদেশলৈ যোৱাৰ প্ৰয়োজনীয়তা নাথাকিব আৰু আগৰৰ উচিত মূল্য পাবলৈ সক্ষম হ’ব । ইফালে বিদেশী সকলো অসমলৈ আহিলে পৰ্যটন ক্ষেত্ৰখনৰো অধিক উন্নতি হোৱাৰ লগতে বিদেশী মুদ্ৰা আহৰণতো বিশেষ অৰিহণা যোগাব ।