গুৱাহাটী, সংবাদ ৩৬৫, ২৩ জুলাই : অনলাইন ব্যৱসায়িক প্ৰতিষ্ঠান অ’য়ৰ কৰফাঁকি, লুণ্ঠন, ৰাজ্যৰ হোটেল ব্যৱসায় ধ্বংস আৰু যুৱপ্ৰজন্মক বিপথগামিতা উক্ত বিষয়কেইটাৰ সন্দৰ্ভত দুৰ্নীতি বিৰোধী যুৱ শক্তি , অসমে এখন সংবাদমেল অনুষ্ঠিত কৰে । দুৰ্নীতি বিৰোধী যুৱ শক্তি, অসমৰ দাবী অ’য়ই ৰাজ্যৰ যুৱ প্ৰজন্মক বিপথে পৰিচালিত কৰিছে । অবিবাহিত যুৱক-যুৱতীক নৈশ-যাপনৰ সুবিধা প্ৰদান কৰাৰ লগতে দিনৰ ভাগতো যুৱক-যুৱতীসকলক অসৎ কৰ্ম সম্পাদনৰ বাবে সুবিধা কৰি দিছে যাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা শিক্ষা গ্ৰহণ কৰিবলৈ অহা ছাত্ৰ-ছাত্ৰী বিপথে গৈছে ।

অ’য়ৰ জৰিয়তে সুলভ হৈ পৰিছে দেহ ব্যৱসায় । ৰাজ্যৰ বাহিৰৰ পৰা অহা গ্ৰাহকসকলৰ বাবেও ২০/২৫ জনীকৈ কলগাৰ্ল অয়ই ৰাখে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে সংগঠনটোৱে । আনহাতে, পৰিত্যক্ত বাংলোবিলাকৰ মালিক পক্ষৰ লগত অ’য়ই চুক্তিবদ্ধ হৈ বাংলোবোৰ মেৰামতি কৰি প্ৰয়োজনীয় সা-সামগ্ৰীৰে পৰিপূৰ্ণ কৰি সেইবোৰতো অ’য়ই দেহ ব্যৱসায় চলাই বুলি জানিবলৈ দিয়ে সংগঠনটোৱে ।

ইয়াৰোপৰি প্ৰতিষ্ঠানটোৱে ৯৯৯ টকাৰ তলত বুকিং দিয়ে যাৰ জৰিয়তে চৰকাৰে মাত্ৰ ১ টকাৰ বাবে ১২০ টকাকৈ কৰ হেৰুৱাই । ইফালে বিলত জি এছ টি সহ ১১০০ টকা দেখুৱাই যদিও আচলতে বিল ১১২০ টকা হব লাগে ।

অসমত বৰ্তমান অ’য়ৰ অধীনত প্ৰায় ১০০ ৰ পৰা ২০০ খন হোটেল আছে য’ত অ’য়ই বুকিং দিয়াৰ নামত ২২.৫ শতাংশ লাভ কৰাৰ লগতে বাকী ধন হোটেল কৰ্তৃপক্ষক দিব লাগে । কিন্তু অ’য়ই তাকে নকৰি অ’য়ৰ হাতত অনলাইন পেমেনৰ জৰিয়তে যদিহে অতিৰিক্ত ধন ৰাশি জমা হয় তেনেহলে বিভিন্ন ধৰণৰ শিতান দেখুৱাই সমগ্ৰ ধন ৰাশি কৰ্তন কৰে । অৰ্থাৎ ৰাজ্যৰ হোটেল ব্যৱসায়ীসকলৰ প্ৰতি অশনি সংকট কঢ়িয়াই আনিছে অয়ই ।

ইয়াৰোপৰি এই ব্যৱস্থাটোৱে ৰাজ্য চৰকাৰে লাভ কৰি থকা আয়কৰৰ ক্ষেত্ৰতো ব্যাপক প্ৰভাৱ পেলাইছে । কাৰণ মহানগৰীত থকা বিলাসী হোটেলৰ কোঠা নূন্যতম ১৫০০ টকাৰ পৰা ৩৫০০ টকাৰ ভিতৰত লাভ কৰিছিল আৰু চৰকাৰেও ইয়াৰ অনুপাতে লাভ কৰিছিল পৰ্যাপ্ত পৰিমাণৰ ৰাজহ । কিন্তু বৰ্তমান মহানগৰীৰ হোটেলসমূহত সৰ্বাধিক ১০০০ টকাৰ তলত অ’য়ই বুকিং দেখুৱাৰ ফলত গ্ৰাহকসকল লাভান্বিত হলেও চৰকাৰে ৰাজহ লাভ কৰা নাই লগতে মালিক পক্ষও কঙাল হৈ পৰিছে ।

সেয়েহে অ’য়ই কেনেধৰণৰ বন্দোবস্ত আৰু অনুজ্ঞাপত্ৰৰ জৰিয়তে ৰাজ্যখনত ব্যৱসায় কৰি আছে এই ক্ষেত্ৰত প্ৰশাসনে গুৰুত্ব আৰোপ কৰিব লাগে আৰু তদন্ত কৰিবলৈ দাবী জনাই দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে । লগতে সংগঠনটোৱে দিছপুৰ আৰক্ষী চকীত অ’য়ৰ চি.অ ৰিতেশ আগৰৱাল আৰু অ’য় প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ।