গুৱাহাটী, সংবাদ ৩৬৫, ২৪ জুলাই : ৰাজ্যত প্ৰলয়ংকাৰী বানে ধুই গ’ল সকলো । বানত সৰ্বহাৰা হৈ বৰ্তমান বানৰ পৰা বানাক্ৰান্ত লোকে কিছু সকাহ পাইছে যদিও দুৰ হোৱা নাই সমস্যা । প্ৰলয়ংকাৰী বানে বুৰাই পেলাইছিল সকলোবোৰ । এই বানে এতিয়া সৰ্বহাৰা কৰিছে কৃষকসকলকো ।

প্ৰলংকাৰী বানে নষ্ট কৃষকৰ কষ্ট । মাজিৰিগাওঁত কেইবাবিঘা কৃষিভুমিত অমিতা,কল,তামোল আদিৰ খেতি কৰিছিল কৃষকে কিন্তু বানে নিমিষতে নষ্ট কৰি পেলালে সকলো কৃষি । যাৰ ফলত এতিয়া দিশহাৰা হৈ পৰিছে কৃষকসকল । পিংকু কলিতা আৰু ৰুবুল কটকী নামৰ যুৱ কৃষকদুজনে কেইবাবিঘা মাটিত ডেৰলক্ষাধিক টকা ব্যয়সাপেক্ষে কৰা এই খেতি নষ্ট হোৱাত এতিয়া মুৰে কপালে হাত দিছে ।

বানত নিজৰ সকলো হেৰুৱাই শোকত ভাগি পৰিছে কৃষককেইজন । এতিয়া দুয়োজনৰে আশা কেৱল চৰকাৰলৈ চৰকাৰে যদি কিবা ব্যৱস্থা গ্ৰহন কৰে তেতিয়া কিছু সকাহ পাব বুলি ব্যক্ত কৰে কৃষককেইজনে ।