ভাস্কৰজ্যোতি মহন্ত

নাজিৰা : খাদ্য বিষক্ৰিয়াত অসুস্থ লোকৰ কাষত জিতু বৰগোহাঁই। শিৱসাগৰ জিলাৰ নাজিৰাৰ অন্তৰ্গত গেলেকীৰ লাহন গাঁৱত কিছুদিন পূৰ্বে খাদ্যত বিষক্ৰিয়া হৈ বহু লোক অসুস্থ হৈছিল। শনিবাৰে লাহন গাঁৱত উপস্থিত হৈ অসম গণ পৰিষদ দলৰ নেতা জিতু বৰগোঁহাইয়ে খাদ্য বিষক্ৰিয়াত অসুস্থ হোৱা লোক সকলৰ স্বাস্থ্যৰ বুজ লয়।

কিছুদিন পূৰ্বে গেলেকীৰ লাহন গাঁৱত খাদ্যত বিষক্ৰিয়া ঘটি বহু লোক অসুস্থ হৈ চিকিৎসালয়ত চিকিৎসাধীন হ’বলগীয়া হৈছিল। শনিবাৰে অসম গণ পৰিষদ দলৰ মুখপাত্ৰ তথা ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি জিতু বৰগোঁহাইৰ নেতৃত্বত অসম যুৱ পৰিষদ নাজিৰা জিলা সমিতিৰ বিষয়ববীৰ এটা সঁজাতি দল লাহন গাঁৱত উপস্থিত হৈ চিকিৎসালয়ৰ পৰা উভতি অহা লোকসকলৰ ঘৰে ঘৰে গৈ স্বাস্থ্যৰ বুজ লয়।

অসম যুৱ পৰিষদ নাজিৰা জিলা সমিতিৰ বিষয়ববীৰ সঁজাতি দলটিয়ে খাদ্য বিষক্ৰিয়াত অসুস্থ হৈ চিকিৎসাৰ অন্তত সুস্থ হৈ উঠা লোক সকলৰ মাজত ফলমূল বিতৰণ কৰে। অসম যুৱ পৰিষদ নাজিৰা জিলা সমিতিৰ বিষয়ববীৰ দলটিয়ে খাদ্য বিষক্ৰিয়াত মৃত্যু হোৱা লোহিত গগৈৰ সকামৰ বাবে আৰ্থিক সাহাৰ্য্যও আগবঢ়াই। অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক আইফলং গগৈ, অসম যুৱ পৰিষদ নাজিৰা জিলা সমিতিৰ সভাপতি অমৰজিৎ কোঁৱৰৰ লগতে আন নেতা কৰ্মীসকলো উপস্থিত থাকে।