গুৱাহাটী : কামৰূপ মহানগৰ জিলাত সকলো লোককে ক’ভিড প্ৰতিষেধক প্ৰদানৰ লক্ষ্যেৰে ভোটকেন্দ্ৰ পৰ্যায়ত টীকাকৰণৰ আঁচনি গ্ৰহণ কৰা হৈছে৷ এই আঁচনিৰ দ্বাৰা প্ৰথম পৰ্যায়ত ভোটকেন্দ্ৰ সমূহৰ অধীনৰ টীকাকৰণ নোহোৱা ভোটাৰসকলক প্ৰতিষেধক প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছে৷

প্ৰথমে বুথ পৰ্যায়ত যোগ্য ভোটাৰসকলৰ মাজৰ পৰা টীকাকৰণৰ পৰা বাদ পৰা সকলক বাচি উলিওৱা হয়৷ ইয়াৰ পিছতে তেওঁলোকক প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা লোৱা হয়৷ এই বাদ পৰা লোকসকলৰ টীকাকৰণৰ বাবে বিশেষ কিছুমান ভোটকেন্দ্ৰ টীকাকৰণ কেন্দ্ৰলৈ ৰূপান্তৰ কৰা হৈছে৷ পৰৱৰ্তী পৰ্যায়ত মুঠ ২২৬ টা ভোটকেন্দ্ৰত টীকাকৰণৰ ব্যৱস্থা কৰা হ’ব৷

এই ক্ষেত্ৰত সফলতা লাভৰ বাবে বি এল অ’ আৰু গাঁওবুঢ়াসকলকো সমস্ত প্ৰক্ৰিয়াটোত জড়িত কৰা হৈছে৷ বৰ্তমানলৈকে কামৰূপ মহানগৰ জিলাৰ ৪ টা সমষ্টিৰ মুঠ ২,৪০,৯০৫ গৰাকী যোগ্য লোক এতিয়াও টীকাকৰণৰ পৰা বাদ পৰি ৰৈছে৷ মহানগৰীৰ বহু লোক স্থায়ী বাসিন্দা নোহোৱাৰ বাবে ১০০ শতাংশ টীকাকৰণৰ ক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে৷

তদুপৰি বহিঃৰাজ্যত কৰ্মৰত বহু লোক পুনৰ নিজ কৰ্মস্থানলৈ উভটি যোৱাতো কিছু সমস্যা হৈছে৷ ৩১ আগষ্টৰ পূৰ্বে ১০০।শতাংশ টীকাকৰণৰ লক্ষ্যেৰে টীকাকৰণ কেন্দ্ৰৰ তালিকা প্ৰস্তুত কৰি এই তালিকা সামাজিক মাধ্যমযোগে সকলো লোকৰ বাবে সহজলভ্য কৰাৰ বাবেও ব্যৱস্থা লোৱা হৈছে৷