গুৱাহাটী : দিল্লীৰ পৰা আহিছিল খাৰঘুলীৰ ড্ৰাগছৰ পাৰ্টীৰ বাবে কোকেইন। বিশাল চৌধুৰী নামৰ এজনে যোগান ধৰিছিল এক কোকেইন। কুৰীয়াৰযোগে গুৱাহাটীলৈ কোকেইন যোগান ধৰিছিল ভিশাল চৌধুৰীয়ে। দিল্লীত গ্ৰেপ্তাৰ কৰা হৈছে বিশাল চৌধুৰী নামৰ কোকেইন সৰবৰাহকাৰীজনক।

অসম আৰক্ষীয়ে দিল্লী আৰক্ষীৰ সহযোগত অভিযান চলাই বিশাল চৌধুৰীক গ্ৰেপ্তাৰ কৰিছে। বিশাল চৌধুৰীয়ে গুৱাহাটীৰ খাৰঘুলীত অনুষ্ঠিত হোৱা ড্ৰাগছৰ পাৰ্টিৰ বাবে দিল্লীৰ পৰা কোকেইন যোগান ধৰিছিল। খাৰঘুলীৰ ড্ৰাগছৰ পাৰ্টীৰ পৰা আৰক্ষীয়ে ৪ গ্ৰাম কোকেইনসহ বহু ড্ৰাগছ জব্দ কৰিছিল।

অসমত প্ৰথমবাৰৰ বাবে কোকেইন জব্দ হৈছিল খাৰঘুলীৰ ড্ৰাগছৰ পাৰ্টীত। উল্লেখ্য যে ১৩ আগষ্টৰ নিশা খাৰঘুলীৰ বিকাশ জৈন নামৰ এজন লোকৰ ঘৰত অনুষ্ঠিত হৈছিল ড্ৰাগছৰ পাৰ্টী। অমৃত বৰুৱা নামৰ এজন লোকৰ জন্মদিন ড্ৰাগছৰ পাৰ্টী হিচাপে উদযাপন কৰিছিল একাংশ পুৰুষ-মহিলাই।

ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে লকডাউন চলি থকাৰ মাজত জন্মদিনৰ পাৰ্টী অনুষ্ঠিত হৈ থকাৰ খবৰ পাই আৰক্ষীয়ে বিকাশ জৈনৰ ঘৰত অভিযান চলাইছিল। আৰক্ষীৰ অভিযানত বিকাশ জৈনৰ ঘৰত চলি থকা ড্ৰাগছৰ পাৰ্টীৰ পৰা বিভিন্ন প্ৰকাৰৰ ড্ৰাগছৰ লগতে কোকেইন জব্দ কৰিবলৈ সক্ষম হৈছিল।

ড্ৰাগছৰ পাৰ্টী অনুষ্ঠিত কৰা ১৮ জনকৈ পুৰুষ-মহিলাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পিছতে ড্ৰাগছৰ পাৰ্টীত জব্দ হোৱা কোকেইনকলৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল। ড্ৰাগছৰ পাৰ্টীত গ্ৰেপ্তাৰ হোৱা এজনে আৰক্ষীৰ জেৰাত কোকেইন দিল্লীৰ পৰা বিশাল চৌধুৰীয়ে যোগান ধৰিছিল বুলি স্বীকাৰ কৰিছিল।