নিউজ ডেস্ক, সংবাদ ৩৬৫, ৯আগষ্ট : বানপানীৰ পাছতেই এইবাৰ কৃষক ৰাইজ চিন্তাত পৰিছে ধান খেতিক লৈ । উল্লেখ্য যে ওদালগুৰি জিলাৰ ৰৌতাত কৃষিবিভাগৰ কাৰ্য্যালয়ৰ তৰফৰ পৰা যোগান ধৰা হৈছিল উন্নত মানৰ ধানৰ বীজ । পিছে এই ধানৰ পৰা বৰ্তমান সোণগুটিৰ পৰিৱৰ্তে ওলাইছে পতান । সপোন যেন মাৰ গৈছে চহা খেতিয়কৰ ।

উক্ত ঘটনা ওৰাঙৰ গৰৈমাৰী গাঁৱত। চৰকাৰৰ তৰফৰ পৰা দিয়া উন্নত মানৰ ধানৰ বীজৰ পৰা ধানৰ পৰিৱৰ্তে পতান ওলোৱাত মূৰে কপালে হাত দিছে অঞ্চলটোৰ কৃষকে ।

উল্লেখযোগ্য যে কৃষি বিভাগটোৰ কাৰ্য্যালয়ৰ কৰ্মচাৰীয়ে প্ৰতি বিঘা ধান খেতিত ২৫ ৰ পৰা ৩০ মোনলৈকে ধান উৎপাদন হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল কৃষক ৰাইজক । পিছে কৃষকৰ আশা আৰু সপোনবোৰত চৰকাৰে চেঁচা পানী ঢালিলে উন্নত মানৰ বুলি নিম্ন মানৰ বীজ যোগান ধৰি ।

সোণোৱাল চৰকাৰৰ কৃষি বিভাগৰ এনে অদূৰদৰ্শিতা তথা অমনোযোগিতাৰ বাবে অশেষ পৰিশ্ৰম কৰি কৰা খেতিৰ পৰা নাপালে শ্ৰমৰ কোনো মূল্য । ইফালে বাৰিষাৰ সময়ছোৱা পাৰ হৈ যোৱাত নতুনকৈ হাল বায় ধানৰ বীজ সিঁচি পুনৰ খেতি কৰিবলৈ সময় পাৰ হৈ গৈছে কৃষক ৰাইজৰ । চৰকাৰৰ এনে কাণ্ড-জ্ঞানহীনতা তথা চৰকাৰৰ দ্বাৰা প্ৰতাৰিত হৈ এতিয়া দুধোৰ-মোধোৰ অৱস্থাত পৰিছে কৃষকসকল ।