বঙৰা, সংবাদ ৩৬৫, ৮ আগষ্ট : ভাত খোৱাৰ আগতে আপুনি দহবাৰ ভাবক কাৰণ ভাতৰ ঠাইত আপুনি খাই থাকিব পাৰে বৰবিহ । বৰঝাৰ বিমানবন্দৰৰ সমীপৰ বঙৰাত ভাত খাই অসুস্থ হৈ পৰিছে এটি পৰিয়াল ।

পৰিয়ালটোৰ লোকে জানিবলৈ দিয়া অনুসৰি তেওঁলোকে বিমানবন্দৰৰ সমীপৰ ভি আই পিৰ পৰা লুণীয়ানা মাৰ্কেটিং প্ৰাইভেট লিমিটেডৰ এ আৰ এইচ ব্ৰেণ্ড স’না বইল্ড ৰাইছ নামৰ এটি ২৫ কিলোগ্ৰামৰ চাউলৰ বস্তা কিনিছিল পৰিয়ালৰ মুৰব্বী ৰাতুল আলীয়ে । কৰ্মসূত্ৰে বঙৰাত ভাড়াতীয়া হিচাপে থকা ৰাতুল আলীয়ে যোৱা ২৪ জুলাই তাৰিখে চাউল ক্ৰয় কৰি পিছত ৰান্ধি খাই আছিল যদিও ক্ৰমান্বয়ে অসুস্থ হৈ গৈ আছিল ৩ জনীয়া পৰিয়ালটো ।

পৰিয়ালটো চিকিৎসকৰ কাষ চাপিছে যদিও এটি ২ বছৰীয়া কনমানিসহ পৰিয়ালটোৰ সদস্যকেইজন বৰ্তমানলৈ চিকিৎসাধীন হৈ আছে ।

উল্লেখ্য যে তেওঁলোকে নিজে খাই থকা চাউলখিনি প্ৰেছাৰ কুকাৰত বহাই দিয়াত নিগৰি অহা অতিৰিক্ত পানীজাতীয় ফেনখিনি পিছত ৰূপান্তৰিত হয় প্লাষ্টিকজাতীয় সামগ্ৰীলৈ ।

চাউলৰ এনে প্লাষ্টিকজাত সামগ্ৰী দেখি বস্তাত থকা ফোন নম্বৰত যোগাযোগ কৰিছিল যদিও বহুবাৰৰ পিছতহে যোগাযোগ সম্ভৱ হৈছিল কোম্পানীটোৰ সৈতে । পাছত কোম্পানীৰ লোকে পৰিদৰ্শন কৰি চাউলখিনি খাবলৈ মানা কৰে আৰু এয়া কেৱল তেওঁলোকৰ বস্তাটোহে, চাউলখিনি তেওঁলোকৰ নহয় বুলি মন্তব্য কৰে পৰিয়ালটোক ।

ইফালে কোম্পানীটোৱে পৰিয়ালৰ লোকক পুনৰ যোগাযোগ কৰি পৰৱৰ্তী পদক্ষেপ সন্দৰ্ভত জনাব বুলি কয় যদিও বৰ্তমানেও কোনো যোগাযোগ নকৰাৰ লগতে বৰ্তমান পৰিয়ালটোক কোনো সহাৰি দিয়া নাই ।

প্ৰশ্ন হয় চাউলৰ নামত ৰাইজে ভক্ষন কৰি আছে নেকি বৰবিহ ? চাউলৰ অতিৰিক্ত পানী কিয় ৰূপান্তৰিত হ’ল প্লাষ্টিকজাত সামগ্ৰীলৈ ? খাদ্য বিভাগে চকু দিব নে এইবোৰ ঘটনাক ?