যোৰহাট, ২৫ ছেপ্টেম্বৰঃ কৰ্ণাটকৰ সাংবাদিক গৌৰী লংকেশ্বৰ হত্যাকাণ্ডৰ প্ৰতিক্ৰিয়া মাৰ নৌ যাওঁতেই ত্ৰিপুৰাত সাংবাদিক শান্তনু ভৌমিকক বিগত সপ্তাহত কৰ্মৰত অৱস্থাত আৰু শেষতীয়াকৈ পঞ্জাৱৰ মোহালীত জ্যেষ্ঠ সাংবাদিক কে জে সিং আৰু তেওঁৰ মাতৃক অচিনাক্ত দুস্কৃতিকাৰীয়ে ঘৰৰ ভিতৰতে হত্যা কৰা ঘটনাই সমগ্ৰ দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ দেশজুৰি ক্ৰমান্ধয়ে এজনৰ পিছত আনজন সাংবাদিকক হত্যা কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ প্ৰশাসনৰ সন্মুখতে সাংবাদিকসকলক কৰ্মৰত অৱস্থাত মুক্তভাবে হত্যা কৰা ঘটনাই সাংবাদিকসকলৰ নিৰাপত্তা সন্দৰ্ভত চিন্তিত কৰি তুলিছে৷ সাংবাদিক সকলৰ নিৰাপত্তা সুনিশ্চিত কৰা, সাংবাদিক গৌৰী লংকেশ্বৰ আৰু শান্তনু ভৌমিকক হত্যাকাৰীক উচিত শাস্তি প্ৰদানৰ দাবীত যোৰহাট জিলা সাংবাদিকসকলে প্ৰেছ ক্লাৱৰ পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ এক প্ৰতিবাদী সমদল উলিয়াই৷ সাংবাদিকসকলে সমগ্ৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি জিলা উপায়ুক্তৰ যোগেদি প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।