কলগাছিয়াৰ প্ৰতিবেদক, ২ জুলাইঃ বিশ্ব ড্ৰাগছ দিৱস উপলক্ষে কলগাছিয়া আৰক্ষী থানাৰ উদ্যোগত সপ্তাহজোৰা কাৰ্য্যসূচীৰ অংশ হিচাপে ছে ন’ টু ড্ৰাগছ শীৰ্ষক এক সজাগতা সমদল উলিওৱা হয়। নিচামুক্ত সমাজ গঢ়াৰ উদ্দেশ্যে  কলগাছিয়া আৰক্ষী থানাৰ পৰা উলিওৱা এই সমদলত বন্ধ বিদ্যালয় আৰু প্ৰতিকূল বতৰক নেওঁচি কে আই কে মেমৰিয়াল হাই মাদ্ৰাছা, কলগাছিয়া এম ই স্কুল, ৰেডিয়াঞ্চ একাডেমি, নৱজ্যোতি মহাবিদ্যালয়কে ধৰি কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ লগতে কলগাছিয়া কাৰবাৰী সন্থা, হেল্পলাইন ফাউণ্ডেশ্বন, কলগাছিয়া ভিজিলেনচ কমিটি, কলগাছিয়া আঞ্চলিক ক্ৰীড়া সন্থাকে ধৰি কেবাটাও সংগঠনৰ নেতা কৰ্মীয়ে অংশ গ্ৰহণ কৰি ড্ৰাগছ সেৱন বন্ধ কৰক, নিচাযুক্ত সামগ্ৰী সেৱন বন্ধ কৰক আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । কলগাছিয়া থানাৰ আৰক্ষী বিষয়া সুভাস বৈশ্যৰ নেতৃত্বত কলগাছিয়া থানাৰ সন্মুখৰ পৰা ওলোৱা সমদলটো কলগাছিয়া পাট বজাৰ আৰু চাৰিআলি চকেৰে ঘূৰি পুনৰ থানালৈ আহে। এখন নিচামুক্ত সমাজ গঢ়াৰ উদ্দেশ্যে আৰক্ষীৰ উদ্যোগত উলিওৱা এই  সমদলে সমাজত ভাল প্ৰভাৱ পেলাব বুলি দাবী কৰে কলগাছিয়া আৰক্ষী থানাৰ বিষয়া সুভাষ বৈশ্যই।