বৰহাট, ৬ জুনঃ চৰাইদেউ জিলাৰ ইতিহাসে পৰশা বৰহাট অঞ্চল এজাক বৰষুণতে  জলমগ্ন হৈ পৰে। বৰহাট বজাৰ, হাবি, গাওঁ আৰু লোহলীয়া গাঁৱত বৰষুণৰ পানী পথৰ ওপৰত জমা হৈ যাতায়তৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি কৰিছে৷ অঞ্চলটোৰ পথৰ দাঁতিৰ নলা-নৰ্দমা তথা বাট-পথসমূহ স্থানীয় বাসিন্দাসকলে দখল কৰি পুতি পেলোৱাত পানী বাহিৰলৈ ওলাই যাব নোৱাৰাত এজাক বৰষুণতে অঞ্চলটো জলমগ্ন হৈ পৰে৷ ইয়াৰে এটা অঞ্চল হৈছে অসম গ্ৰামীণ বিকাশ বেংকৰ বৰহাট শাখাৰ কাষেৰে যোৱা বৰহাট-বৰুৱানগৰ সংযোগী ৰূপশ্ৰী পথটো৷ এই পথটোৰ কাষত থকা পূৰ্বৰ গভীৰ নলাটোৰ লগতে বৰহাট ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সন্মূখৰ কালভাৰ্টটো পুতি পেলোৱাৰ ফলত পানী বাহিৰলৈ ওলাই যাব নোৱাৰি পথৰ ওপৰত জমা হৈ বোকা-পানীৰে উপচি অঞ্চলটোত এক কদৰ্যময় পৰিৱেশৰ সৃষ্টি হৈ সৰ্বসাধাৰণৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে৷ তদুপৰি নৰ্দমাৰ গেলা পানীয়ে অঞ্চলটোৰ বাসীন্দাসকলক বিদ্যালয়-মহাবিদ্যালয়, ৰেলৱে ষ্টেচন,  প্ৰাথমিক চিকিৎসালয়ৰ লগতে বিভিন্ন স্থানলৈ  যাতায়তৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি কৰিছে। ভোক্তভোগী স্থানীয় ৰাইজৰ লগতে সচেতন মহলে অচিৰেই পথৰ দুয়োকাষে পকী নলাৰ ব্যৱস্থা কৰিবলৈ প্ৰশাসনক দাবী জনাইছে।