গুৱাহাটী, ৬ জুনঃ অমৃত গ্ৰুপ অৱ কম্পেনিজ ইনভেষ্টৰ ফ’ৰাম (এজিওচিআইএফ) উত্তৰ-পূৰ্বাঞ্চল, ভাৰতবৰ্ষ নামৰ সংস্থাটোৱে অমৃত গ্ৰুপৰ মালিক পক্ষৰ লগত সুদীৰ্ঘ তিনি বছৰ যোৰা শীতল যুদ্ধ তথা অহিংস আন্দোলনৰ জৰিয়তে বুজাবুজিৰ দ্বাৰা সৰ্ম্পূণ আইনগত ভাবে মৰিগাঁওৰ বাঘজাপত থকা কোম্পানীৰ নিজা মাটি ৫১ বিঘাৰ লগতে অসমৰ প্ৰায়বোৰ সম্পতি আৰু বেঙ্গলৰ বহৰমপুৰত থকা ফ্লেট আৰু কোচবিহাৰত থকা ভূমিৰ কিছু অংশ আয়ত্ব কৰিবলৈ সক্ষম হয়৷ ফ’ৰামৰ কেন্দ্ৰীয় সমিতিৰ সভানেত্ৰী তথা অধিবক্তা মাকনী বৰ্মনে এক বিবৃতিত জানিবলৈ দিয়া মতে, ৰাজ্যত বিত্তীয় লেন-দেন কৰা চিট ফাণ্ড অমৃত গ্ৰুপ অৱ কোম্পানীত হৎঠাতে বন্ধ কৰি দিয়াত কোম্পানীৰ লগত জড়িত  কৰ্মচাৰী তথা ধন বিনিয়োগকাৰীসকল বিভিন্ন জলন্ত সমস্যা সন্মুখীন হয়৷ অসমৰ তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাহিৰে কলকাতা, বিহাৰকে ধৰি বহু ৰাজ্যৰ দুৰ্ভোগকাৰীসকলে উচ্চ ন্যায়ালয়ৰ দাৰস্থ হয়৷ কিন্তু উত্তৰ-পূৰ্বাঞ্চলৰ কোম্পানীৰ লগত জড়িত কৰ্মচাৰী তথা ধন বিনিয়োগকাৰীসকলে উচ্চ ন্যায়ালয়ৰ দাৰস্থ হোৱাৰ পৰিবৰ্তে কোম্পানীৰ স্বতাধিকাৰীৰ লগত সৰ্ম্পূণ আইনী প্ৰক্ৰিয়াৰে শীতল যুদ্ধ তথা অহিংসা আন্দোলন চলাই যায়৷ অৱশেষত অমৃত গ্ৰুপ অৱ কম্পেনিজ ইনভেষ্টৰ ফ’ৰাম উত্তৰ-পূৰ্বাঞ্চল, ভাৰতবৰ্ষই অমৃত গ্ৰুপৰ মালিক পক্ষৰ পৰা বুজাবুজিৰে এক চুক্তি ৰূপায়ন কৰে৷ এই চুক্তি অনুসৰি ফ’ৰামে অমৃত গ্ৰুপৰ মালিক পক্ষৰ পৰা বিনিয়োগকাৰীসকলৰ ক্ষতি হিচাপে এই অংশ সমূহ লাভ কৰে৷ অমৃত গ্ৰুপ অৱ কম্পেনিজ ইনভেষ্টৰ ফ’ৰাম উত্তৰ-পূৰ্বাঞ্চল, ভাৰতবৰ্ষই আয়ত্ব কৰা সম্পতি সমূহৰ মূল্য কোম্পানীৰ বিনিয়োগকাৰী সকলৰ মাজত বিতৰণ কৰিব৷ অৱশ্যে যিসকল কোম্পানীৰ বিনিয়োগকাৰীয়ে কেন্দ্ৰীয় সমিটিৰ বাধা নামানি নিজাববীয়াকৈ উচ্চ ন্যায়ালয়ৰ দাৰস্থ হৈছিল, তেওঁলোকে উচ্চ ন্যায়ালয়ৰ সিদ্ধান্ত মৰ্মে ক্ষতি অংশ পিচত লাভ কৰিব বুলি মাকনী বৰ্মনে জানিবলৈ দিয়ে৷ তেওঁলোকৰ দায়িত্ব ফ’ৰামে গ্ৰহণ নকৰে বুলিও ফ’ৰামৰ মুৰব্বীসকলে স্পষ্ট কৰি দিয়ে৷