ৰঙিয়া, ৬ জুনঃ কামৰূপ, বাস্কাৰ বিভিন্ন প্ৰান্তত ডকাইতি কৰি সন্ত্ৰাসৰ সৃষ্টি কৰা কুখ্যাত ডকাইতৰ এটা দলক ৰঙিয়া আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়৷ পুৱতি নিশা এক গোপন সূত্ৰৰ পম খেদি ৰঙিয়া আৰক্ষীয়ে ডকাইত কেইটাক নিজ-নিজ বাসগৃহৰ পৰা আটক কৰিবলৈ সক্ষম হয়৷ ডকাইত কেইজন ক্ৰমে কছাৰী শৌলমাৰীৰ মইদুল আলী ওৰফে আন্দাৰ, মাদৈকাটাৰ নিজাম আলী আৰু পিটাম্বৰ হাতবজালীৰ নজৰুল আলী৷ বহু কেইটা ডকাইতি কাণ্ডত জড়িত এই ডকাইত কেইটাই যোৱা ২৮ মে’ত আমিনগাঁৱৰ ৰাষ্ট্রীয় ঘাইপথত এগৰাকী ব্যৱসায়ীৰ পৰা সাত লাখ টকা লুটি নিছিল। ইয়াৰ উপৰি ওদালগুৰিৰ মনোজ দাস নামৰ এজন ব্যৱসায়ীৰ টাটা ডি আইক গাড়ীক আমিনগাঁৱত এখন এল্ট আৰু বাইকেৰে আগচি ধৰি ডকাইতি কাৰ্য্য সংঘটিত কৰিছিল। আৰক্ষীয়ে ডকাইতৰ দলটোৰ পৰা অধিক তথ্য লাভৰ কাৰণে জেৰা অব্যাহত ৰাখিছে৷