নিউজ ডেস্ক, সংবাদ ৩৬৫, ১ আগষ্ট : তিনি তালাক বিধেয়কৰ বিৰোধিতা এ আই ইউ ডি এফৰ প্ৰধান বদৰুদ্দিন আজমলৰ। বিজেপিক সমালোচনা সাংসদগৰাকীৰ । আজমলৰ মন্তব্য মুছলমান সমাজৰ এটাও সমস্যা সমাধান কৰা নাই বিজেপি চৰকাৰে । বিজেপি অহাৰ পিছত হিন্দু আৰু মুছলমানৰ মাজত বিভাজন বৃদ্ধি পাইছে।

তিনি তালাকৰ সন্দৰ্ভত কয় যে তালাক প্ৰক্ৰিয়া হিন্দু সমাজত বেছি। হিন্দু সমাজত ৬৮ শতাংশ আৰু মুছলমানৰ ভিতৰত ২৬ শতাংশ। তিনি তালাক বিধেয়ক কোনোপধ্যে সমৰ্থন নকৰো। অত্যাচাৰ হিচাপে অনা হৈছে এই বিধেয়ক। এই বিধেয়কৰ পৰা কোনো লাভ নহ’ব।

ইফালে বিজেপিক মুছলমানবিৰোধী চৰকাৰ আখ্যা দি আজমলে কয় যে বিজেপিয়ে মুছলমানবিৰোধী বিধেয়ক আনিব আৰু গৃহীত কৰিবই। ত্ৰিপল তালাক বহু দূৰৰ কথা, আমাৰ ধৰ্মত এক তালাকেই বহু বেয়া কাম। তালাক দিয়া মানেই ভুল কৰিছে। ত্ৰিপল তালাক হলে মুছলমানে লাজ পায়।