নিউজ ডেস্ক, সংবাদ ৩৬৫, ১ আগষ্ট : যানবাহন আইনক সংশোধন কৰি প্ৰস্তুত কৰা হৈছে নতুন আইন মটৰ ভেহিচেলছ । বুধবাৰে ৰাজ্যসভাত গৃহীত হ’ল মটৰ ভেহিচেলছ । বুধবাৰে আইনখনৰ সপক্ষে ৰাজ্যসভাত ১০৮ টা ভোট পৰিছে । চালকৰ অনুজ্ঞাপত্ৰ বনোৱাৰ সময়ত প্ৰযোজ্য নহ’ব পূৰ্বৰ নিয়ম ঠিক তেনেদৰে কোনো আইন অমান্য কৰিলে ভৰিব লাগিব পূৰ্বৰ তুলনাত অধিক জৰিমনা।

এতিয়াৰে পৰা দুৰ্ঘটনাত কোনো লোক নিহত হ’লে লাভ কৰিব ৫ লাখ টকা আৰু আহত হ’লে লাভ কৰিব ২.৫ লাখ টকা।

জৰুৰীকালীন সেৱাৰ গাড়ীক বাট এৰি নিদিলে ১০ হাজাৰ টকা।
গাড়ীৰ বীমা নাথাকিলে ভৰিব লাগিব ২০০০ টকা।
অনুজ্ঞাপত্ৰ অবিহনে গাড়ী চলালে ৫০০০ টকা।
দ্ৰুতগতিত গাড়ী চলালে ৫০০০ টকা।
সুৰাপান কৰি গাড়ী চলালে ১০ হাজাৰ টকা।
হেলমেট পৰিধান নকৰাকৈ বাইক চলালে ১০০০ টকা।
ম’বাইলত কথা পাতি গাড়ী চলালে ৫০০০ টকা।

ইফালে হিচাপতকৈ অধিক সামগ্ৰী কোনো বাহনত নিলে ২০ হাজাৰ টকা, অতিৰিক্ত প্ৰতি টনত ২ হাজাৰ।
দুচকীয়া বাহনত হিচাপতকৈ অধিক সামগ্ৰী নিলে ২০০০ টকা।
নাবালকে গাড়ী চলালে ২৫ হাজাৰ টকা, ৩ বছৰ জেল ।
ৰেচ ড্ৰাইভিং কৰিলে ৫০০০ টকা।
ছিট বেল্ট নলগোৱাকৈ বাহন চলালে ১০০০ টকা।
যোগ্যতা অবিহনে গাড়ী চলালে কোনো লোকে ভৰিব লাগিব ১০ হাজাৰ টকা।
গাড়ীৰ পাৰ্মিট নথকাকৈ কোনো লোকে গাড়ী চলালে ১০ হাজাৰ টকা।
ইয়াৰোপৰি লাইচেঞ্চৰ বৈধতা শেষ হ’লে এবছৰলৈ সময়সীমা থাকিব।