গুৱাহাটী : মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত অব্যাহত আছে অসম জাতীয় পৰিষদৰ গণবিক্ষোভ কাৰ্যসূচী। বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীত আঞ্চলিক দলটোৱে মূল্যবৃদ্ধিৰ বিৰূদ্ধে গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰি ৰাজভৱনলৈ পদযাত্ৰা কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল।

শুকুৰবাৰে পুনৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত অসম জাতীয় পৰিষদে ৰাজ্যজুৰি গণবিক্ষোভ কাৰ্যসূচী পালন কৰে। উজনিৰ পৰা নামনিলৈকে ৰাজ্যৰ আটাইকেইখন জিলাৰ সদৰত অসম জাতীয় পৰিষদ দলৰ কৰ্মীসকলে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী সকলে ‘মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰক, নহ’লে গাদী এৰি দিয়ক’, ‘স্বেচ্ছাচাৰী শাসন পৰিত্যাগ কৰক, গণতন্ত্ৰক মূল্য দিয়ক’, ‘ৰাইজৰ চৰকাৰে ৰাইজৰ কথা শুনক, আদানী-আম্বানীক বাদ দিয়ক’ আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ ইফালে বৃহস্পতিবাৰে গুৱাহাটীত দলৰ কেন্দ্ৰীয় সমিতিয়ে গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰাৰ সময়তে দলীয় প্ৰতিবাদকাৰী ওপৰত আৰক্ষীয়ে নিৰ্যাতন চলোৱাৰ অভিযোগত দলৰ জিলা সমিতিসমূহে প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী সকলে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত সংশ্লিষ্ট জিলাই জিলাই উপায়ুক্তসকলৰ হাতত একোখনকৈ স্মাৰকপত্ৰও প্ৰদান কৰে। উল্লেখ্য যে বৃহস্পতিবাৰে অসম জাতীয় পৰিষদৰ গণবিক্ষোভ কাৰ্যসূচীৰ সময়ত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতিৰ সৃষ্টি হৈছিল। হতাহতিৰ ফলত দলৰ কেইবাজনো কর্মী অহাত হৈছিল।