গুৱাহাটী : আকাশ চৌধুৰীয়ে হত্যা কৰিছিল বেলতলাৰ বৃদ্ধ দম্পতীক। বেলতলাৰ ছাৰ্ভেৰ চন্দন নগৰৰ বৃদ্ধ দম্পতী ননী বৰুৱা আৰু তেওঁৰ পত্নী মীনা বৰুৱাক হত্যা কৰা বুলি স্বীকাৰ কৰিলে আকাশ চৌধুৰীয়ে। বৃদ্ধ দম্পতীৰ ঘৰত কেয়াৰ টেকাৰ হিচাপে আছিল আকাশ চৌধুৰী।

ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা বেলতলাৰ ছাৰ্ভেৰ চন্দন নগৰৰ বৃদ্ধ দম্পতীক হত্যা কৰাৰ কথা অৱশেষত স্বীকাৰ কৰিলে আকাশ চৌধুৰীয়ে। বৃহস্পতিবাৰে নিশা আকাশ চৌধুৰীয়ে বৃদ্ধ দম্পতী ননী বৰুৱা আৰু মীনা বৰুৱাক হত্যা কৰা বুলি স্বীকাৰ কৰে।

নিশাৰ ভাগত অসম আৰক্ষীৰ অপৰাধ নিয়ন্ত্ৰণ শাখাৰ এটা দলে আকাশ চৌধুৰীক বশিষ্ঠ থানাত জেৰা চলাইছিল। অপৰাধ নিয়ন্ত্ৰণ শাখাৰ জেৰাত মুখ খুলিবলৈ বাধ্য হয় হত্যাকাৰী আকাশ চৌধুৰী। অৱশ্যে হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিলেও এতিয়াও বহু কথা কোৱা নাই আকাশ চৌধুৰীয়ে।

আকাশ চৌধুৰীয়ে হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰাৰ পিছতে আৰক্ষীয়ে আকাশ চৌধুৰীৰ পত্নী পুতু দাসক জেৰাৰ বাবে থানালৈ আনিছে। হত্যাকাণ্ডৰ পিছতেই আৰক্ষীয়ে আকাশ চৌধুৰী আৰু পুতু দাসক জেৰাৰ বাবে আটক কৰিছিল। পৰৱৰ্তী সময়ত আকাশ চৌধুৰীক গ্ৰেপ্তাৰ কৰি পুতু দাসক আৰক্ষীয়ে যাবলৈ দিছিল।

গ্ৰেপ্তাৰৰ পিছৰে পৰা আকাশ চৌধুৰীয়ে হত্যাকাণ্ডৰ কথা অস্বীকাৰ কৰি আছিল যদিও অৱশেষত অপৰাধ নিয়ন্ত্ৰণ শাখাৰ জেৰাত হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰে আকাশ চৌধুৰীয়ে। আকাশ চৌধুৰী ২০ বছৰ ধৰি ননী বৰুৱা আৰু মীনা বৰুৱাৰ ঘৰত কেয়াৰ টেকাৰ হিচাপে আছিল। শোৱাপাটীত নৃশংসভাৱে হত্যা কৰা হৈছিল ননী বৰুৱা আৰু মীনা বৰুৱাক।