আজিজ আলী
মুকালমুৱা : মুকালমুৱা পানী যোগান আঁচনিৰ খালাচী মনোৱাৰ হুছেইন আটক। মুকালমুৱাত ৰাইজে চুৰিৰ পাইপসহ মানোৱাৰ হুছেইন নামৰ পানী যোগান আঁচনিৰ খালাচীক আটক কৰি আৰক্ষীক গতাই দিয়ে। ই-ৰিক্সাৰে পানীৰ পাইপ নি থকা অৱস্থাত মানোৱাৰ হুছেইনক ৰাইজে আটক কৰে।

নলবাৰী জিলাৰ মুকালমুৱাত ৰাইজে পানী যোগান আঁচনিৰ মনোৱাৰ হুছেইন নামৰ এজন খালাচীক চুৰিৰ পাইপসহ আটক কৰি আৰক্ষীক গতাই দিয়ে। জানিব পৰা মতে নিশা এখন ই-ৰিক্সাৰে দুডাল পাইপ লৈ গৈ থকা অৱস্থাত স্থানীয় লোকে মনোৱাৰ হুছেইনক আটক কৰে। ৰাইজে মনোৱাৰ হুছেইন আৰু ই-ৰিক্সাৰ চালকজনক আৰক্ষীক গতাই দিয়ে।

আৰ ডি এণ্টাৰপ্ৰাইজ নামৰ এটা প্ৰতিষ্ঠানে মুকালমুৱাৰ নাৰায়ণপুৰত জল জীৱন মিছন আঁচনিৰ কাম কৰি আছে। প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীৰ অভিযোগ ইতিমধ্যে প্ৰায় চাৰি লক্ষাধিক টকাৰ পাইপসহ অন্য বহু সামগ্ৰী চুৰি হৈছে। সামগ্ৰী চুৰি হোৱা সন্দৰ্ভত প্ৰতিষ্ঠানটোৱে জিলা প্ৰশাসনক লিখিত অভিযোগ দিয়া বুলিও জানিবলৈ দিয়ে।

জল জীৱন মিছন আঁচনিৰ পাইপ তথা অন্যান্য বহু সামগ্ৰী চুৰি হোৱা বাবেই ঠিকাদাৰে কাম সম্পুৰ্ন কৰিব পৰা নাই বুলিও আৰ ডি এণ্টাৰপ্ৰাইজ নামৰ। প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী সকলে জানিবলৈ দিয়ে। ধৃত মনোৱৰ হুছেইনক ইতিমধ্যে আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰিছে।