নলবাৰী : অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ। বৃহস্পতিবাৰে সমগ্ৰ ৰাজ্যতে প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। উত্তৰ পূৱৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন বাতিলৰ দাবীত প্ৰতিবাদ সমগ্ৰ ৰাজ্যতে প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে।

নাগালেণ্ডত কিছুদিন পূৰ্বে অসম ৰাইফলছৰ গুলীত নিৰীহ লোকে প্ৰাণ হেৰুৱাব লগীয়া হৈছিল। উগ্ৰপন্থীৰ সন্দেহত অসম ৰাইফলছে গুলী বর্ষণ কৰিছিল নিৰীহ লোকৰ ওপৰত। এই ঘটনাৰ পিছতে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন বাতিলৰ দাবী জনাইছে উত্তৰ পূৰ্বৰ বিভিন্ন সংগঠনে।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও উত্তৰ পূৱৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন বাতিল দাবী জনাইছে। সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন বাতিলৰ দাবীত বৃহস্পতিবাৰে ৰাজ্যজুৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নালবাৰীতো ৰূপায়ন কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহবান মৰ্মে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। উত্তৰ পূবত বলৱৎ হৈ থকা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন বাতিলৰ দাবীত নলবাৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সংগঠনটোৱে।

মুখত ক’লা কাপোৰ পিন্ধি সংগঠনটোৰ সদস্য সকলে দুঘন্টীয়া অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদৰ অন্তত সংগঠনটোৱে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন বাতিলৰ দাবীত ৰাষ্ট্ৰপতিলৈ এখনি স্মাৰকপত্ৰও প্ৰেৰণ কৰে।

প্ৰতিবাদ কাৰীসকলে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন কৰক, এই আইন উত্তৰ পুৰ্বৰ পৰা বাতিল কৰিবই লাগিব আদি বিভিন্ন শ্ল’গান লিখা বেনাৰ-পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত। এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে নলবাৰী জিলা সমিতিৰ সম্পাদক কৌশিক বৰ্মন সভাপতি প্ৰাৰ্থ প্ৰতিম শৰ্মাকে ধৰি নলবাৰী জিলাৰ কৰ্মকর্তা আৰু কেন্দ্ৰীয় নেতৃত্ব।